নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহাকাশত নির্মাণ হ’ব প্রথমখন বিলাসী হোটেল; থাকিব হেল্থ স্পা, চিনেমা হল, জিম, লাইব্রেৰী, কনচার্ট হলকে ধৰি বিভিন্ন সুবিধা

নিয়মীয়া বাৰ্তা, ৩ মাৰ্চঃপৃথিৱীৰ বাহিৰলৈ যাত্রা কৰাৰ কল্পনা, সাধাৰণজনৰো বাস্তৱ হোৱাৰ দিশে৷ মহাকাশত কেৱল মহাকাশচাৰীয়েই নহয়, পর্যটক আৰু গৱেষকেও যাত্রা কৰাৰ সুযোগ লাভ কৰিব৷ কল্প বিজ্ঞানৰ কাহিনীৰ হলিউডী ছবিৰ লেখীয়াই পৃথিৱীৰ বাহিৰলৈ যাত্রা কৰিবৰ বাবে আধুনিক মানৱে সুবিধা পাব৷ মহাকাশত অর্থাৎ পৃথিৱীৰ বাহিৰত নির্মাণ হ’ব অত্যাধুনিক সা–সুবিধাযুক্ত বিলাসী হোটেল৷ অৰবিটেল এছেম্বলী কর্প’ৰেচন (অ’এচি) নামৰ কোম্পানী এটিয়ে অভিলাষী প্রকল্পৰে মহাকাশত হোটেল নির্মাণ কৰিব৷

ইতিমধ্যে অ’ এ চিয়ে হোটেলৰ আলোকচিত্রসহ অভিলাষী প্রকল্পটোৰ পৰিকল্পনা প্রচাৰ কৰাৰ লগে লগে অনলাইনত আলোড়নৰ সৃষ্টি হৈছে৷ ২০২৫ চনত পৃথিৱীৰ নিম্ন কক্ষপথত ‘ভয়েজাৰ ষ্টেচন’ৰ নির্মাণ আৰম্ভ কৰিব আৰু অ’ এ চিয়ে প্রকাশ কৰা মতে ২০২৭ চনৰ ভিতৰত কার্যক্ষম হৈ উঠিব৷ ৪০০ লোকৰ বাবে থকাৰ সা–সুবিধাৰে নির্মিত ‘ভয়েজাৰ ষ্টেচন’ত হেল্থ স্পা, চিনেমা হল, জিম, লাইব্রেৰী, কনচার্ট হলকে ধৰি বিভিন্ন সুবিধা থাকিব৷

মন কৰিবলগীয়া যে ‘ভয়েজাৰ ষ্টেচন’ হোটেলত থাকি পর্যটক আৰু গৱেষকে আমি বাস কৰা গ্রহটিৰ অতুলনীয় দৃশ্যপট প্রত্যক্ষ কৰিব পাৰিব৷ গুৰুত্বপূর্ণ যে এই অভিলাষী ভয়েজাৰ ষ্টেচনৰ ধাৰণাটি ২০১২ চনত কৰা হৈছিল আৰু ২০১৮ চনত প্রতিষ্ঠা হোৱা অ’ এ চিয়ে এই ধাৰণাটিক আগবঢ়াই নি মহাকাশত প্রথম বাণিজ্যিক হোটেলৰ পৰিকল্পনাটি ২০২১ চনত মুকলি কৰে৷ উনুকিয়াব লাগিব যে ২০১৮ চনত প্রতিষ্ঠা হোৱা অ’ এ চিয়ে মহাকাশত হোটেলৰ ধাৰণাটিক বাস্তৱায়িত কৰিবলৈ মুকলি কৰা গেটৱে ফাউণ্ডেচনৰ প্রতিষ্ঠাতা জ’ন ব্লিক্’ৱে প্রকাশ কৰা মতে পৃথিৱীৰ বাহিৰত হোটেল হ’ব পৰৱর্তী ঔদ্যোগিক বিপ্লৱ৷ কোম্পানীটোৱে ইতিমধ্যে এই অভিলাষী প্রকল্পত আগ্রহী ব্যক্তি–প্রতিষ্ঠানৰ সৈতে আলোচনাত মিলিত হৈছে৷

এই হোটেলত থাকি জীৱনজোৰা বিৰল অভিজ্ঞতা লাভ কৰিবলৈ হ’লে আগ্রহীয়ে ২৫ নিযুত মার্কিন ডলাৰ ব্যয় কৰিব লাগিব বুলিও প্রকল্পটোৰ ৱেবছাইটত প্রকাশ পাইছে৷ হলীউডী ছবিৰ লেখীয়া মহাকাশত সাধাৰণ লোকৰ যাত্রা–বিলাসী হোটেলত কটোৱাৰ সন্ধিক্ষণ ২০২৭বর্ষলৈ অপেক্ষা কৰিব লাগিব৷

You might also like