নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বৰ ধনাঢ্য ব্যক্তিৰ তালিকাৰ অষ্টমত মুকেশ আম্বানি

নিয়মীয়া বাৰ্তা, ৩ মাৰ্চঃ বিশ্বৰ ধনাঢ্য ব্যক্তিৰ শীর্ষস্থান দখলৰ যুঁজখন বিগত মাহ ধৰি আমাজনৰ মুৰব্বী জেফ বেজ’ছ আৰু টেছলা–স্পেচ এক্সৰ মুৰব্বী এল’ন মাস্কৰ মাজত চলি আছে৷ এসপ্তাহ যদি আমাজনৰ মুৰব্বী বেজ’ছ ধনাঢ্য ব্যক্তিৰ শীর্ষস্থানত আছে, পৰৱর্তী সপ্তাহত স্পেচ এক্সৰ মুৰব্বী মাস্ক শীর্ষস্থানত থাকে৷ এই যুঁজখন চলি থকাৰ সময়তে  হুৰুন গ্ল’বেল ধনাঢ্য তালিকা–২০২১ত বিশ্বৰ ধনী ব্যক্তিৰ শীর্ষস্থানত এল’ন মাস্কে স্থান লাভ কৰিছে৷

আনপিনে বিগত তিনি মাহ ধৰি বিশ্বৰ ধনাঢ়্য ব্যক্তিৰ তালিকাত শীর্ষ–১০ৰ ভিতৰত স্থান হেৰুওৱা ভাৰতৰ উদ্যোগপতি মুকেশ আম্বানিয়ে হুৰুনে প্রকাশ কৰা তালিকাত অষ্টম স্থান লাভ কৰিছে৷ ৰিলায়েঞ্চৰ স্বত্বাধিকাৰী মুকেশ আম্বানিৰ সম্পত্তিৰ মূল্য ৬.০৯ লাখ কোটি টকা (৮৩ বিলিয়ন মার্কিন ডলাৰ)৷

উল্লেখ্য যে ব্লুমবার্গ বিলি’নাৰছ ইনডেক্সৰ তালিকাতো এছিয়াৰ সবাতোকৈ ধনী ব্যক্তিৰ তালিকাত স্থান লাভ কৰিছে মুকেশ আম্বানিয়ে৷ মন কৰিবলগীয়া যে হুৰুনে প্রকাশ কৰা ধনাঢ্য ব্যক্তিৰ তালিকাত উদ্যোগপতি মুকেশ আম্বানিৰ উপৰি কেইবাজনো ভাৰতীয়ই স্থান লাভ কৰিছে৷ তালিকাৰ ৪৮সংখ্যক স্থানত আছে গৌতম আদানি আৰু পৰিয়াল৷ আদানি পৰিয়ালৰ সম্পত্তিৰ মূল্য ২.৩৪ লাখ কোটি টকা৷ তেনেদৰে ১.৯৪ লাখ কোটিৰে ৫৮সংখ্যক স্থানত শিৱ নাডাৰ আৰু পৰিয়ালবর্গ৷ ১.৪০ লাখ কোটি টকাৰ সম্পত্তিৰে ১০৪সংখ্যক স্থানত লক্ষ্মী এন মিট্টাল আৰু ১.৩৫ লাখ কোটিৰে ১১৩সংখ্যক স্থানত আছে ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ চাইৰাছ পুনাৱালা৷

আনহাতে, ১৯৭ বিলিয়ন মার্কিন ডলাৰেৰে শীর্ষস্থানত টেছলাৰ মুৰব্বী এল’ন মাস্ক আৰু ১৮৯ বিলিয়ন মার্কিন ডলাৰেৰে আমাজনৰ মুৰব্বী জেফ বেজ’ছ দ্বিতীয় স্থানত৷ শীর্ষ ৫ৰ বাকীকেইটা স্থানত ক্রমে বার্নার্ড আর্নল্ট, বিল গেটছ, মার্ক জুকাৰবার্গ আছে৷ ১০সংখ্যক হুৰুন গ্ল’বেল ধনাঢ্য তালিকা–২০২১ অনুসৰি ২০২০ চনতকৈ ৪২১গৰাকী বিলি’নাৰ বৃদ্ধি পাইছে৷ অর্থাৎ এসপ্তাহত গড়ে ৮জনকৈ বিলি’নাৰ বৃদ্ধি হৈছে৷ ভাৰতত ২০৯জন বিলি’নার্ছ আছে৷ ইয়াৰে ১৭৭জন ভাৰতত বসবাস কৰি আছে৷ তালিকাত বিশ্বৰ ৬৮ দেশ আৰু ২,৪০২ কোম্পানীৰ ৩২২৮ বিলি’নাৰক অন্তর্ভুক্ত কৰা হৈছে৷

You might also like