নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৬৫ বছৰত দেশত ৮ শতাংশ হ্রাস হিন্দুৰ জনসংখ্যা

🔹 প্রধানমন্ত্রীৰ অর্থনৈতিক উপদেষ্টা পৰিষদৰ প্রতিবেদন : বৃদ্ধি পাইছে সংখ্যালঘু

বিশেষ বাৰ্তা, ৯ মে’ : দেশত হিন্দু জনসংখ্যা হ্রাস পাইছে ৮ শতাংশ, কিন্তু বৃদ্ধি পাইছে সংখ্যালঘু জনসংখ্যা৷ লোকসভা নির্বাচন চলি থকা সময়তে এই প্রতিবেদন প্রকাশ কৰিলে প্রধানমন্ত্রীৰ অর্থনৈতিক উপদেষ্টা পৰিষদে৷ ১৯৫০ৰ পৰা ২০১৫ পর্যন্ত দেশৰ জনসংখ্যাৰ ভিত্তিত এই প্রতিবেদন প্রকাশ কৰা হৈছে৷ কেৱল ভাৰতেই নহয়, এই সময়সীমাত সমগ্র বিশ্বৰ জনসংখ্যাৰ তথ্য লৈ প্রতিবেদন প্রকাশ কৰিছে প্রধানমন্ত্রীৰ উপদেষ্টা পৰিষদে৷ এই প্রতিবেদন অনুসৰি ৬৫ বছৰত দেশত হিন্দুসকলৰ সংখ্যা যথেষ্ট কমি গৈছে৷ ১৯৫০ চনত ভাৰতৰ নাগৰিক আছিল ৮৪ শতাংশ হিন্দু৷ সেই সময়ত ভাৰতত আছিল ৯.৮৪ শতাংশ মুছলমান৷ কিন্তু ইয়াৰ ৬৫ বছৰ পিছত ছবিখন সলনি হৈছে৷ ২০১৫ চনৰ পৰিসংখ্যাত দেখিবলৈ পোৱা গৈছে যে ৮ শতাংশ হ্রাস পাইছে হিন্দু জনতাৰ সংখ্যা৷ ২০১৫ চনত ৭৮ শতাংশ হিন্দুই বসবাস কৰিছিল ভাৰতত৷ এই ৬৫ বছৰত ভাৰতত সমস্ত ধর্মীয় সংখ্যালঘুসকলৰ জনসংখ্যা বৃদ্ধি পোৱা বুলি প্রতিবেদনত উল্লেখ কৰা হৈছে৷ মুছলমানসকলৰ সংখ্যা প্রায় ৪০ শতাংশ বৃদ্ধি পাইছে৷ এইদৰে শিখৰ জনসংখ্যা এই সময়ছোৱাত বৃদ্ধি পাইছে ৬.৫৮ শতাংশ৷ খ্রীষ্টান জনসংখ্যা বৃদ্ধি পাইছে ৫.৩৮ শতাংশ৷ এই পৰিসংখ্যা তুলি ধৰি প্রতিবেদনত উল্লেখ কৰা হৈছে যে ভাৰতত সংখ্যালঘুসকল সুৰক্ষিত হৈ আছে৷ অকল সেয়াই নহয়, দেশত যথেষ্ট উন্নতিও কৰিছে সংখ্যালঘু লোকসকলে৷ ভাৰতৰ উপৰি এই সময়ছোৱাত নেপালতো হিন্দু জনতাৰ সংখ্যা ৩.৬ শতাংশ হ্রাস পাইছে৷ লক্ষণীয় যে পাকিস্তান, বাংলাদেশ, আফগানিস্তান আদিত সংখ্যাগৰিষ্ঠ মুছলমানসকলৰ সংখ্যা বৃদ্ধি পাইছে৷

You might also like