নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৱাৰিছ পঞ্জাব ডেৰ মুৰব্বী : ডিব্রুগড় জে’লৰ পৰাই নির্বাচন খেলিব অমৃতপলে

বিশেষ বার্তা,  ২৫ এপ্রিল : ৰাষ্ট্রীয় নিৰাপত্তা আইনত কাৰাৰুদ্ধ হৈ থকা বন্দীয়ে লোকসভা নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিব৷ ইয়াকে লৈ দেশজুৰি সৃষ্টি হৈছে ব্যাপক চাঞ্চল্য৷ ডিব্রুগড়ৰ কেন্দ্রীয় কাৰাগাৰত বন্দী ৱাৰিছ পঞ্জাব ডেৰ মুৰব্বী অমৃতপল সিঙে লোকসভা নির্বাচন ২০২৪ত প্রতিদ্বন্দ্বিতা কৰিব৷ এনএছএ (ৰাষ্ট্রীয় নিৰাপত্তা আইন) আইনৰ অধীনত ডিব্রুগডৰ কাৰাগাৰত বন্দী হৈ থকা ৱাৰিছ পঞ্জাব ডেৰ প্রতিষ্ঠাপক অমৃতপল সিঙে পঞ্জাবৰ খাদুৰ চাহিবৰ পৰা নির্দলীয় প্রার্থী হিচাপে আগন্তুক লোকসভা নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিব বুলি জানিব পৰা গৈছে আৰু ইতিমধ্যে এই সন্দর্ভত এটা অডিঅ’ ভাইৰেল হৈ পৰিছে৷ ইয়াকে লৈ এতিয়া সকলোতে ব্যাপক চর্চা চলিছে৷ উল্লেখ্য যে খালিস্তানী সমর্থক তথা ৱাৰিছ পঞ্জাব ডেৰ নেতা অমৃতপল সিং পঞ্জাবত গ্রেপ্তাৰ হোৱাৰ পিছত ২০২৩ চনৰ ২৩ এপ্রিলৰ পৰা ডিব্রুগড কেন্দ্রীয় কাৰাগাৰত বন্দী হৈ আছে৷ কাৰাগাৰত পাপলপ্রীত সিং, দলজিৎ সিং কালসী, কুলৱন্ত সিং ধলিৱাল, বৰিন্দৰ সিং জোহল, গুৰমিৎ সিং ভূখনৱালা, হৰজিৎ সিং, বসন্ত সিং, গুৰিন্দৰ সিং আডজলা আৰু ভগৱন্ত সিং ওৰফে প্রধানমন্ত্রী বাজেককে ধৰি তেওঁৰ ৯জন ঘনিষ্ঠ সহায়ক ৰাষ্ট্রীয় নিৰাপত্তা আইন (এন এছ এ)ৰ অভিযোগ থকা আৰু হিংসাক উচটনি দিয়া, হত্যাৰ চেষ্টা, আৰক্ষী কর্মীক আক্রমণৰ পৰা আৰম্ভ কৰি আইন–শৃংখলাত ব্যাঘাত জন্মোৱালৈ অন্যান্য বিভিন্ন অপৰাধৰ বাবে ডিব্রুগড়ৰ কেন্দ্রীয় কাৰাগাৰত কাৰাৰুদ্ধ হৈ আছে৷ অৱশ্যে লোকসভা নির্বাচনত প্রতিদ্বন্দ্বিতা কৰা সন্দর্ভত এতিয়ালৈকে কোনো আনুষ্ঠানিক নিশ্চিতি পোৱা নাই৷ আনহাতে, অমৃতপল সিঙৰ মাতৃয়ে এই বিষয়ে অস্বীকাৰ কৰা বুলিও বাতৰি পোৱা গৈছে৷

You might also like