নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রাণঘাতী বেক্টেৰিয়াৰ তালিকা প্রকাশ বিশ্ব স্বাস্থ্য সংস্থাৰ

🔹 সাত বছৰৰ পিছত পুনৰ আহিল সতর্ক বার্তা

🔹 হ্রাস পাইছে এণ্টিবায়’টিকৰ ৰোগ প্রতিৰোধ ক্ষমতা

বিশেষ বাৰ্তা, ২১ মে’ : সস্ত্রস্ত বিশ্ব স্বাস্থ্য সংস্থা (হু)৷ ৭ বছৰ পিছত সংস্থাটোৰ প্রাণঘাতী বেক্টেৰিয়াৰ নতুন পৰিমার্জিত এখন তালিকা প্রকাশ কৰিছে৷ আশংকা প্রকাশ কৰি বিশ্ব স্বাস্থ্য সংস্থাই জনাইছে যে এনে মাৰাত্মক প্রাণঘাতী বেক্টেৰিয়াৰ সংখ্যা ক্রমশঃ বৃদ্ধি পাইছে৷ এই বেক্টেৰিয়াবোৰ প্রতিৰোধৰ ক্ষেত্রত কোনো এণ্টিবায়’টিকে কাম কৰা নাই৷ বিশ্ব স্বাস্থ্য সংস্থাই সদৰী কৰা অনুসৰি দ্রুতগতিত ‘এণ্টিমাইক্র’বিয়াল ৰেজিষ্টেন্স’ (এএমআৰ) সৃষ্টি হৈছে৷ যেতিয়া এণ্টিমাইক্র’বিয়াল ঔষধে বেক্টেৰিয়া, ভাইৰাছ বা অন্যান্য পৰজীৱীৰ সংক্রমণ প্রতিৰোধ কৰিব নোৱাৰে, তেতিয়া সেই পৰিস্থিতিক কোৱা হয় ‘এণ্টিমাইক্র’বিয়াল ৰেজিষ্টেন্স’৷ এই পৰিস্থিতিত ৰোগী অধিক অসুস্থ হৈ পৰে, ৰোগৰ সংক্রমণ বাঢ়ি থাকে৷ আনকি ৰোগীৰ মৃত্যুপর্যন্ত ঘটিব পাৰে৷ হুৰ তৰফৰ পৰা পৰামর্শ আগবঢ়োৱা হৈছে যে এই পৰিস্থিতিৰ পৰা পৰিত্রাণ পাবলৈ হ’লে নতুন চিকিৎসা পদ্ধতিৰ সন্ধান কৰা প্রয়োজন৷ সংস্থাটোৰ মতে, অনিয়ন্ত্রিতভাৱে অতিৰিক্ত এণ্টিবায়’টিক ব্যৱহাৰৰ বাবেই এই পৰিস্থিতিৰ সৃষ্টি হৈছে৷ চলিত বর্ষত সংস্থাটোৱে বেক্টেৰিয়েল প্রায়’ৰিটী পেথোজেনছ লিষ্ট (বিপিপিএল)ত ১৫ প্রকাৰৰ এণ্টিবায়টিক–ৰেজিষ্টেন্স (এণ্টিবায়টিকত কাম নকৰে) বেক্টেৰিয়াক ৩ ভাগত ভাগ কৰিছে– আটাইতকৈ বিপজ্জনক, অতি বিপজ্জনক আৰু মধ্যম ধৰণৰ বিপজ্জনক৷ এই সকলোধৰণৰ বিপজ্জনক বেক্টেৰিয়া চিহ্ণিতকৰণৰ লগতে সমাধানৰ পথৰ কথা উল্লেখ কৰা হৈছে তালিকাত৷ নতুন চিকিৎসা পদ্ধতিৰ সন্ধানত সুবিধাৰ বাবে বেক্টেৰিয়া সম্পর্কীয় যিবোৰ তথ্য পোৱা গৈছে আৰু এই সন্দর্ভত বিশেষজ্ঞসকলে আগবঢ়োৱা পৰামর্শও এই তালিকাত প্রকাশ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই৷ উল্লেখনীয় যে ২০১৭ চনৰ পিছত প্রথমবাৰলৈ বিপিপিএল প্রকাশ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই৷ এই তালিকাত পুনৰ আহিল সংস্থাটোৰ তৰফৰ পৰা সতর্ক বার্তা৷ শীঘ্রে এই তালিকাৰ ওপৰত গুৰুত্ব প্রদান কৰি নতুন চিকিৎসা পদ্ধতিৰ সন্ধানত অগ্রসৰ হোৱা প্রয়োজন বুলি সংস্থাই উল্লেখ কৰিছে৷

You might also like