নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

একেখন মঞ্চত বলীউডৰ তিনি খান…

বিশেষ বাৰ্তা, ৩ মাৰ্চ : একেখন মঞ্চত বলীউডৰ তিনি খান । হয়, বলীউডৰ ভাইজান ছলমান খান, শ্বাখৰুখ খান আৰু আমিৰ খানক জামনগৰত একেখন মঞ্চত ডেন্স কৰা দেখা গ’ল। এই বিৰল মুহূৰ্ত দেখা গ’ল আম্বানী-পুত্ৰ অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ প্ৰাক-বিবাহৰ অনুষ্ঠানত। সম্ভৱত: এয়াই ভাৰতৰ আটাইতকৈ ব্যয়বহুল প্ৰাক-বিবাহ অনুষ্ঠান। প্ৰাক-বিবাহ অনুষ্ঠানৰ প্ৰথম দিনাই আছিল পপ তাৰকা ৰিহানাৰ অনুষ্ঠান। দ্বিতীয় দিনা বলীউডৰ তিনি খানে মঞ্চ দখল কৰে। উক্ত অনুষ্ঠানত তিনিও খানে কান্ধত কান্ধ মিলাই নাচিলে। ইজনে সিজনৰ হুক ষ্টেপো একেলগে কৰা দেখা গ’ল। উল্লেখ্য যে ১ মাৰ্চৰ পৰা জামনগৰত মুকেশ আম্বানীৰ পুত্ৰ অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ প্ৰাক-বিবাহৰ অনুষ্ঠান আৰম্ভ হয়। উক্ত প্ৰাক-বিবাহৰ অনুষ্ঠানলৈ দেশী-বিদেশী নামী-দামী তাৰকাৰ লগতে উদ্যোগপতিক নিমন্ত্ৰণ জনোৱা হয়। বিল গেটছ, মাৰ্ক জুকাৰবাৰ্গকে ধৰি শচীন তেণ্ডুলকাৰ, মহেন্দ্ৰ সিং ধোনীৰ দৰে ক্ৰিকেট তাৰকায়ো অংশগ্ৰহণ কৰে এই প্ৰাক-বিবাহৰ অনুষ্ঠানত ।

You might also like