নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মোবাইলত ক্ৰিকেট চোৱাত ব্যস্ত : অন্ধ্ৰত সংঘটিত ভয়ংকৰ ৰে’ল দুৰ্ঘটনাৰ কাৰণ জনালে ৰে’লমন্ত্ৰীয়ে

বিশেষ বাৰ্তা, ৩ মাৰ্চ : ২০২৩ চনৰ ২৯ অক্টোবৰত অন্ধ্ৰপ্ৰদেশত দুখন যাত্ৰীবাহী ৰে’লৰ সংঘৰ্ষত ১৪জন যাত্ৰীয়ে প্ৰাণ হেৰুৱাইছিল। অৱশেষত ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে উক্ত মৰ্মান্তিক দুৰ্ঘটনাৰ কাৰণ অৱগত কৰিলে । শনিবাৰে এই সন্দৰ্ভত তেওঁ কয় যে উক্ত দিনা ৰে’ল দুখনৰ এখনৰ চালক আৰু তেওঁৰ সহায়কজন ক্ৰিকেট খেল চোৱাত ব্যস্ত আছিল। আৰু সেইবাবেই সেই ভয়াৱহ দুৰ্ঘটনা সংঘটিত হৈছিল। অক্টোবৰত উক্ত দুৰ্ঘটনাৰ এখন ৰে’ল বিশাখাপট্টনমৰ পৰা ৰায়গাদালৈ গৈ আছিল। সেইখন এখন যাত্ৰীবাহী ৰে’ল আছিল। আনখন ৰে’ল এক্সপ্ৰেছ। পালাছা এক্সপ্ৰেছ নামৰ ৰে’লখন বিশাখাপট্টনম অভিমুখে গৈ আছিল। উক্ত দুৰ্ঘটনাৰ প্ৰসংগ টানি আনি দুৰ্ঘটনাৰ পৰা হাত সাৰিবলৈ ৰে’লৱেই গ্ৰহণ কৰা নতুন পদক্ষেপৰ কথা কওঁতে মন্ত্ৰীগৰাকীয়ে কয়- শেহতীয়াকৈ অন্ধ্ৰপ্ৰদেশত সংঘটিত দুৰ্ঘটনাটোত আমি দেখিছিলোঁ যে লোকো পাইলট আৰু সহ-পাইলটে একেলগে ক্ৰিকেট খেল চাই আছিল। আমি এতিয়া ইয়াক নিৰীক্ষণ কৰিবলৈ আৰু ৰে’ল চালকসকলে যাতে তেওঁলোকৰ কামত সম্পূৰ্ণৰূপে মনোনিৱেশ কৰে, তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। তদুপৰি মন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰ ৰে’ল দুৰ্ঘটনা ৰোধৰ বাবে তৎপৰ হৈছে। প্ৰতিটো দুৰ্ঘটনাৰ তদন্ত চলি আছে। আৰু প্ৰতিটো গোচৰৰ সমাধানৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে, যাতে ভৱিষ্যতে একে কাৰণৰ বাবে ঘটনাৰ পুনৰাবৃত্তি নহয়।

You might also like