নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নেপালৰ ১০০ টকীয়া নোটৰ মানচিত্রত ভাৰতৰ তিনিটা অঞ্চল

🔹 ক্ষোভ উজাৰিলে বিদেশ মন্ত্রী এছ জয়শংকৰে

বিশেষ বাৰ্তা, ৬ মে’ : নেপালৰ নতুন ১০০ টকীয়া নোটক লৈ সৃষ্টি হৈছে তীব্র বিতর্ক৷ বিশেষকৈ ভাৰতত এই বিষয়টোক লৈ ক্ষোভৰ উদগীৰণ ঘটিছে৷ নোটখনত নেপালৰ যি মানচিত্র দেখুওৱা হৈছে, তাত আছে ভাৰতৰ তিনিটা অঞ্চল৷ ইয়াৰ বাবে তীব্র ক্ষোভ উজাৰিছে ভাৰতে৷ এইবাৰ বিষয়টোক লৈ মুখ খুলিলে বিদেশ মন্ত্রী এছ জয়শংকৰে৷ বিদেশ মন্ত্রীগৰাকীয়ে কয় যে একপক্ষীয়ভাৱে নেপালে এই পৰিৱর্তন কৰিলেও বাস্তৱত সেয়া কেতিয়াও সম্ভৱ নহ’ব৷ ভুবনেশ্বৰৰ এক অনুষ্ঠানত অংশগ্রহণ কৰি বিদেশ মন্ত্রী এছ জয়শংকৰে কয় যে ইতিমধ্যে চৰকাৰৰ নজৰলৈ আহিছে এই প্রতিবেদন৷ কিন্তু এতিয়াও ইয়াক পৰীক্ষা কৰি চোৱা হোৱা নাই৷ নেপালৰ সৈতে সীমান্ত সমস্যাক লৈ আলোচনা চলিছে৷ ইয়াৰ মাজতেই একপক্ষীয়ভাৱে ভাৰতীয় ভূখণ্ড লিপুলেখ, লিম্পিয়াধুৰা আৰু কালাপানিক দেশখনৰ অভ্যন্তৰৰ অঞ্চল হিচাপে ১০০টকীয়া নোটত স্থান দিয়াটো কোনো কাৰণতে মানি ল’ব নোৱাৰি বুলিও জয়শংকৰে উল্লেখ কৰে৷ নেপাল চৰকাৰৰ মুখপাত্র ৰেখা শর্মাই এক বিবৃতিত সদৰী কৰা অনুসৰি, প্রধানমন্ত্রী পুষ্পকমল দাহাল ওৰফে প্রচণ্ডৰ সভাপতিত্বত কেবিনেটৰ বৈঠকত নেপালৰ নোটত এই নতুন মানচিত্র ছপোৱাৰ সিদ্ধান্ত গ্রহণ কৰা হয়৷ উল্লেখনীয় যে যি তিনিটা ভূখণ্ডৰ কথা উল্লেখ কৰা হৈছে, দীর্ঘদিন ধৰি ভাৰতে সেয়া নিজৰ অভ্যন্তৰৰ অঞ্চল বুলি দাবী কৰি আহিছে৷ কিন্তু নেপাল চৰকাৰেও লিপুলেখ, লিম্পিয়াধুৰা আৰু কালাপানিক নিজৰ অংশ বুলি দাবী কৰি আহিছে৷ ২০২০ চনৰ ১৮ জুনত নেপাল চৰকাৰে যি মানচিত্র প্রকাশ কৰিছিল, তাতো এই তিনিটা অঞ্চলক দেশখনৰ অভ্যন্তৰৰ অঞ্চল হিচাপে দেখুৱাইছে৷ সেই বিতর্কই নতুন মাত্রা পালে দেশখনৰ নতুনকৈ ছপা কৰা ১০০ টকীয়া নোটক লৈ৷ স্মর্তব্য যে নেপালৰ সৈতে ভাৰতৰ ১,৮৫০ কিলোমিটাৰ সীমান্ত অঞ্চল আছে৷ ইয়াৰ ভিতৰত আছে ভাৰতৰ পাঁচখন ৰাজ্য৷ এই ৰাজ্যকেইখন হৈছে ছিকিম, পশ্চিমবংগ, বিহাৰ, উত্তৰ প্রদেশ আৰু উত্তৰাখণ্ড৷

You might also like