নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গ্রেট ব্রিটেইনত পুনৰ বর্ণবাদৰ বলি ভাৰতীয় : শিখ মহিলাৰে দুষ্কাৰ্য দুই ব্রিটিছ নাগৰিকৰ

নিউজ ডেস্ক, ১৪ ছেপ্টেম্বৰ : গ্রেট ব্রিটেইনত পুনৰ বর্ণবাদৰ বলি হ’ল ভাৰতীয় বংশোদ্ভৱ৷ অল্ডবুৰি চহৰত এগৰাকী ভাৰতীয় শিখ মহিলাক দুজন ব্রিটিছ নাগৰিকে ধর্ষণ কৰি বর্ণবাদমূলক অশোভনীয় গালি–গালাজ কৰে৷ ২০ বছৰীয়া মহিলাগৰাকীক ধর্ষণ কৰাৰ পিছত দুই ব্যক্তিয়ে মহিলাগৰাকীক নিজৰ দেশলৈ উভতি যাবলৈ ভাবুকি দিয়ে৷ অর্থাৎ ভাৰতলৈ উভতি যাবলৈ মহিলাগৰাকীক ভাবুকি দিয়ে৷

অল্ডবুৰি চহৰৰ টেম ৰোডত মঙলবাৰে সংঘটিত এই ধর্ষণৰ ঘটনাটো কালি পোহৰলৈ আহে৷ আৰক্ষীয়ে ঘটনাটো সন্দর্ভত তদন্ত আৰম্ভ কৰি বর্ণবাদৰ আক্রমণ হিচাপে গোচৰ ৰুজু কৰি ধর্ষণকাৰীক চিনাক্ত কৰিবলৈ অভিযান চলাইছে৷ ধর্ষিতা মহিলাগৰাকীয়ে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰাৰ পিছত আৰক্ষীয়ে চিচি টিভিৰ ফুটেজ আৰু ফৰেনছিক বিশেষজ্ঞৰ সহায় লৈ অপৰাধীক চিনাক্ত কৰি কৰায়ত্তৰ বাবে অভিযান চলাই আছে৷ ঘটনাটোত জড়িত ব্যক্তি দুজন শ্বেতাংগ আৰু এজনৰ মূৰ খুৰোৱা আছিল৷ ক’লা ৰঙৰ টী চার্ট পৰিহিত আছিল এজন৷

ঘটনাটোৰ পিছতে স্থানীয় শিখ সম্প্রদায়ৰ লোকে আৰক্ষীক শীঘ্রে ধর্ষণকাৰীক আটক কৰিবলৈ দাবী জনাইছে আৰু অঞ্চলটোত নিৰাপত্তা ব্যৱস্থা বৃদ্ধি কৰিবলৈ দাবী জনাইছে৷ ব্রিট্রিছ সাংসদ প্রীটকৌৰ গিলে এই ঘটনাক তীব্র ভাষাৰে গৰিহণা দিছে৷

You might also like