ভূ-স্বৰ্গ কাশ্মীৰত প্ৰচণ্ড গুলীয়াগুলী, প্ৰাণবায়ু উৰিল দুই সন্ত্ৰাসবাদীৰ
ডিজিটেল ডেস্ক, ৮ নৱেম্বৰ : শনিবাৰে পুৱতি নিশা ভূ-স্বৰ্গ কাশ্মীৰত পুনৰ গুলীয়াগুলীৰ ঘটনা সংঘটিত হয়। এই গুলীয়াগুলীত কাশ্মীৰৰ কুপৱাৰাত নিহত হয় দুই সন্ত্ৰাসবাদী।
সেনা বাহিনীৰ ফালৰ পৰা জনোৱা মতে, কাশ্মীৰৰ কুপৱাৰাৰ কেৰান ছেক্টৰৰ নিয়ন্ত্ৰণ ৰেখাত অনুপ্ৰৱেশৰ চেষ্টাৰ বিষয়ে নিৰ্দিষ্ট তথ্য লাভ কৰা হৈছিল। এই তথ্যৰ ভিত্তিত শুকুৰবাৰে সুৰক্ষা সংস্থাসমূহে যুটীয়া অভিযান ‘অপাৰেচন পিম্পল’ আৰম্ভ কৰে। সেই অঞ্চলত সন্দেহজনক গতিবিধি দেখি সেনাই অনুপ্ৰৱেশকাৰীসকলক বিচাৰি অভিযান তীব্ৰতৰ কৰি তোলে। এই অভিযানৰ সময়ত সন্ত্ৰাসবাদীৰ ফালৰ পৰা গুলী চলোৱা হয়। প্ৰত্যুত্তৰত সেনা বাহিনীয়েও গুলী চলায়। সেই গুলীৰ যুদ্ধতে নিহত হয় দুই সন্ত্ৰাসবাদী।
জানিব পৰা মতে, অপাৰেচন পিম্পল সমগ্ৰ অঞ্চলটোত এতিয়াও চলি আছে। সমগ্ৰ এলেকাত তালাচী অভিযান চলোৱা হৈছে। এই দুই সন্ত্ৰাসবাদীৰ বাহিৰেও আন কোনোবা লুকাই আছে নেকি তাক লৈ তালাচী চলাই থকা হৈছে।
ইয়াৰ আগতেও ১৪ অক্টোবৰত কুপৱাৰা জিলাত ভাৰত-পাক নিয়ন্ত্ৰণ ৰেখাত সন্ত্ৰাসবাদী অনুপ্ৰৱেশৰ চেষ্টা বিফল কৰিছিল সেনাই।