নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক্ৰোধ নিয়ন্ত্ৰণ সুস্থ শৰীৰৰ মহৌষধ

বিশেষ বাৰ্তা, ২ জুনঃ ‘খং’ কম মাৰাত্মক নহয়, ই শৰীৰৰ ভাৰসাম্য নষ্ট কৰে, ই ৰোগক শক্তি প্ৰদান কৰে। আপুনি নিশ্চয় প্ৰায়ে বয়োজ্যেষ্ঠসকলে কোৱা শুনিছে যে খং বহু ৰোগৰ মূল। খঙৰ ফলত হোৱা ৰোগবোৰ ইমানেই বিপজ্জনক যে ই মানুহৰ মৃত্যুও ঘটাব পাৰে। বৰ্তমান হতাশা, উদ্বেগ, মানসিক চাপ, ক্ষোভ আৰু খং আদি অৱস্থা দ্ৰুতগতিত বিয়পি পৰাটো চিন্তনীয়। অখাদ্য আৰু অস্বাস্থ্যকৰ জীৱনশৈলীয়ে এই সমস্যাবোৰ আৰু অধিক বৃদ্ধি কৰিছে। ৰোগৰ কাৰণৰ কথা আহিলে তেতিয়া সেই তালিকাত ‘ক্ৰোধ’ৰ নাম ল’ব পাৰি। খঙেও বহুতো বিপজ্জনক ৰোগৰ জন্ম দিয়ে, তাৰ ভিতৰত উচ্চ ৰক্তচাপ অন্যতম। আপুনি নিশ্চয় বহুবাৰ মানুহে কোৱা শুনিছে যে খং নকৰিব, নহ’লে ৰক্তচাপ বাঢ়িব। বেছিভাগ মানুহেই এখন কাণেৰে এই বাক্যটো শুনি আনখন কাণেৰে উলিয়াই দিয়ে। কিন্তু আপুনি জানেনে যে অত্যধিক খঙৰ ফলত সৃষ্টি হোৱা সমস্যাৰ ভিতৰত উচ্চ ৰক্তচাপৰ নামটো শীৰ্ষত আহে। খং উঠিলে হৃদযন্ত্ৰৰ কাৰ্য্যক্ষমতা বেয়াকৈ প্ৰভাৱিত হয়। তেজৰ সঞ্চালন দ্ৰুত হৈ পৰে। যদি সময় মতে খং নিয়ন্ত্ৰণ নকৰে, তেন্তে বি পিয়ে বিপদ ঘটাব পাৰে। তদুপৰি অত্যধিক খঙৰ ফলত হোৱা বিপদৰ ভিতৰত হাৰ্ট এটেকৰো নাম উল্লেখ কৰিব পাৰি। খং উঠিলে হৃদয়ত হেঁচা থাকে। আপোনাৰ উশাহ-নিশাহ দ্ৰুত হয়। হৃদস্পন্দনৰ গতি বাঢ়িবলৈ আৰম্ভ কৰে। ইয়াৰ লগে লগে বি পিও বৃদ্ধি হ’বলৈ আৰম্ভ কৰে। অত্যধিক খং কৰিলে হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। একেদৰে অত্যধিক খঙৰ বাবে আপুনি ষ্ট্ৰোকৰ দৰে বিপজ্জনক অৱস্থাৰো সন্মুখীন হ’বলগীয়া হ’ব পাৰে, য’ত মগজুত তেজৰ সঞ্চালন হঠাতে বাঢ়িবলৈ আৰম্ভ কৰে। মগজুত তেজৰ অত্যধিক পৰিবহণৰ বাবে সিৰা ফাটি যোৱাৰ আশংকা হ’ব পাৰে, যাক মগজুৰ ৰক্তক্ষৰণ বোলা হয়। সেয়ে খং নিয়ন্ত্ৰণত ৰাখি সু-স্বাস্থ্যৰ অধিকাৰী হওক।

You might also like