নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোৱাটছএপে উলংঘন কৰিছে গোপনীয়তাৰ অধিকাৰ

ৰাজহুৱা স্বার্থজড়িত আবেদনৰ ১৮ জানুৱাৰীত শুনানি ল’ব দিল্লী উচ্চ ন্যায়ালয়ে

নিয়মীয়া বাৰ্তা ১৬ জানুৱাৰীঃ ছ’চিয়েল মিডিয়া হোৱাটছএপে উলংঘন কৰিছে গোপনীয়তাৰ অধিকাৰ আৰু ই দেশৰ নিৰাপত্তালৈ ভাবুকি আনিছে৷ জনপ্রিয় হোৱাটছএপৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰি চৈতন্য ৰহিলা নামৰ অধিবক্তা এজনে দিল্লী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বার্থজনিত আবেদন (পি আই এল) দাখিল কৰিছে৷ এই পি আই এলৰ শুনানি ল’ব অহা ১৮ জানুৱাৰীত উচ্চ ন্যায়ালয়খনৰ এজনীয়া বিচাৰপীঠে৷ অধিবক্তা ৰহিলাই হোৱাটছএপৰ বিৰুদ্ধে দাখিল কৰা পি আই এল আজি ন্যায়াধীশ প্রতিভা এন সিঙৰ এজনীয়া বিচাৰপীঠে গ্রহণ কৰাৰ কথা আছিল যদিও পিছলৈ এই শুনানি স্থগিত ৰাখি মুখ্য ন্যায়াধীশৰ নির্দেশত আন এখন এজনীয়া বিচাৰপীঠত গ্রহণ কৰা হ’ব৷ মুখ্য ন্যায়াধীশৰ নির্দেশতে ইতিমধ্যে ১৮ জানুৱাৰীত এই পি আই এলখনৰ শুনানি গ্রহণ কৰাৰ বাবে উক্ত দিনাৰ কার্যসূচীত তালিকাভুক্ত কৰা হৈছে৷ উল্লেখ্য যে হোৱাটছএপক লৈ অলপতে উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে চর্ত আৰু গোপনীয়তা উন্নীত কৰাৰ ক্ষেত্রত হোৱাটছএপৰ দ্বাৰা গোপনীয়তাৰ নীতি শীঘ্রে মুকলি কৰাৰ বাবে নির্দেশ দিছে৷ সেইমর্মে হোৱাটছএপে নতুন চর্ত আৰু গোপনীয়তা নীতিক উন্নীত কৰিছে৷ কিন্তু উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে এই নির্দেশ দিয়াৰ পিছত চৈতন্য ৰহিলা নামৰ অধিবক্তাগৰাকীয়ে একপ্রকাৰ সর্বোচ্চ ন্যায়ালয়ৰ নির্দেশক প্রত্যাহ্বান জনাই দিল্লী উচ্চ ন্যায়ালয়ত পি আই এল দাখিল কৰিছে৷ এনে ক্ষেত্রত হোৱাটছএপৰ গোপনীয়তা নীতি সন্দর্ভতো প্রশ্ণ উত্থাপিত হৈছে৷

You might also like