নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাৱধান! পাৰফিউম বেছিকৈ ব্যৱহাৰ কৰে নেকি? হ’ব পাৰে গভীৰ ৰোগ…

নিয়মীয়া বাৰ্তা ২ এপ্ৰিলঃ গৰমৰ দিন আহিছে। এনে দিনত শৰীৰৰ পৰা ওলাই ঘাম আৰু দুৰ্গন্ধ। এই সময়তে কি পুৰুষ কি মহিলা সকলোৱে এই দুৰ্গন্ধ দূৰ কৰিবলৈ বজাৰত উপলব্ধ পাৰফিউম ব্যৱহাৰ কৰে।

 দুৰ্গন্ধৰ পৰা বচাবলৈ এই পাৰফিউমে সহায় কৰে। কিন্তু কিমান সুৰক্ষিত এই পাৰফিউমসমূহ। শেহতীয়াকৈ গৱেষণাত প্ৰকাশ পাইছে যে শৰীৰৰ বাবে এই পাৰফিউমৰ ব্যৱহাৰ সুৰক্ষিত নহয়।

কাৰণ পাৰফিউমত বহু পৰিমাণৰ ৰাসায়নিক দ্ৰব্য মিহলি কৰা থাকে, যাৰ পৰিপ্ৰেক্ষিতত কৰ্কট ৰোগো হ’ব পাৰে।

বিশেষজ্ঞসকলৰ মতে পাৰফিউম বনোৱাৰ সময়ত ইয়াৰ সুগন্ধি বহু সময়লৈকে থাকিবলৈ কোম্পানীসমূহে বিভিন্ন ধৰণৰ ৰাসায়নিক পদাৰ্থ প্ৰয়োগ কৰে, যাৰ বাবে ই শৰীৰৰ ছালৰ ক্ষতি  কৰিব পাৰে। তেতিয়াহ’লে চিন্তা কৰক ই আমাৰ বাবে কিমান ক্ষতিকাৰক হ’ব পাৰে।

পাৰফিউমত ব্যৱহাৰ কৰা ৰাসায়নিক দ্ৰব্য় আমাৰ শৰীৰৰ হৰম’ন ক্ষতিগ্ৰস্ত কৰাৰ লগতে ছালৰ এলাৰ্জিও সৃষ্টি কৰিব পাৰে। পাৰফিউমত  Phthalates, masque, ketones নামৰ formaldehyde নামৰ ৰাসায়নিক দ্ৰব্য মিহলি কৰে ।ই ইমানেই ক্ষতিকাৰক যে ছালৰ বিভিন্ন ৰোগৰ লগতে পুৰুষৰ বন্ধ্যাত্ব তথা কৰ্কট ৰোগৰ কাৰক হ’ব পাৰে।

ইয়াৰ পূৰ্বেও ২০১৮ চনত বিপিএছচি নামৰ এটা সংস্থাই ১৪০টা পাৰফিউমৰ ওপৰত গৱেষণা কৰিছিল, তাত পাইছিল যে  এক তৃতীয়াংশ বিষাক্ত ৰাসায়ন যুক্ত হৈ আছে পাৰফিউমত।

গতিকে এতিয়াৰে পৰা পাৰফিউম ব্যৱহাৰ কৰাৰ আগতে বহুবাৰ চিন্তা কৰক।

You might also like