নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুস্থ হৈ থাকিবলৈ কল নহয়, খাওক কলৰ বাকলি! জানক কিদৰে ?

সুস্থ হৈ থাকিবলৈ ফলৰ গুৰুত্ব অপৰিসীম। ওজন হ্ৰাসৰ পৰা শক্তি বৃদ্ধিলৈকে সকলো ক্ষেত্ৰতে ফল ডায়েট চাৰ্টৰ শীৰ্ষত থাকে। কিন্তু আপুনি জানেনে ফলৰ বাকলি তাতকৈ অধিক লাভজনক? এয়া আমাৰ দাবী নহয়, বৰঞ্চ ডায়েটিচিয়ানৰ দাবী।

কলৰ বাকলি কলতকৈ অধিক লাভজনক। যিদৰে কলত থকা ভিটামিন বি-৬, বি-১২, পটাছিয়াম, মেগনেছিয়ামে যিদৰে হজমত সহায় কৰে, থিক তেনেদৰে কলত থকা যথেষ্ট ফাইবাৰে পেট পৰিষ্কাৰ কৰিও ৰাখে।

ইফালে, এই কলৰ বাকলিত যথেষ্ট ভিটামিন এ থাকে। যি কেৱল শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাই যে বৃদ্ধি কৰে তেনে নহয়, ই যিকোনো সংক্ৰামক ৰোগ প্ৰতিহত কৰাত অতি লাভজনক।

কলৰ বাকলিত থকা লুটিন নামৰ পদাৰ্থই দৃষ্টিশক্তি বৃদ্ধি কৰাত সহায় কৰে। ই কলৰ বাকলিত থকা বৃহৎ পৰিমাণৰ এণ্টিঅক্সিডেণ্টৰ দ্বাৰা শৰীৰৰ কলেষ্ট’ৰলৰ স্তৰ নিয়ন্ত্ৰণ কৰে। লগতে কলৰ বাকলিবোৰে শৰীৰত ৰক্তচাপৰ স্তৰ নিয়ন্ত্ৰণ কৰে।

কলৰ বাকলি কেনেকৈ খাব লাগে?

কলৰ বাকলিবোৰ বিভিন্ন ধৰণে খাব পাৰি। এছিয়া আৰু কেৰিবিয়ান দ্বীপত কল আৰু বাকলি প্ৰায় একেলগে খোৱা হয়। লগতে আইচক্ৰীমৰ সৈতে বাকলিবোৰ চাহৰ সৈতে অধিক জনপ্ৰিয়। কিছুমানে কেঁচা বাকলি খাবলৈ পছন্দ কৰে, বিপৰীতে কিছু লোকে উতলাই সিদ্ধ কৰিহে খাব বিচাৰে।

You might also like