নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গণৰাজ্য দিৱসৰ মুখ্য অতিথি ব্রিটিছ প্রধানমন্ত্রী

নিয়মীয়া বাৰ্তা ৩ ডিচেম্বৰঃ অহা ২৬ জানুৱাৰী গণৰাজ্য দিৱসত মুখ্য অতিথি হ’ব ব্রিটেইনৰ প্রধানমন্ত্রী বৰিছ জনছন৷ ২০২১ বর্ষৰ গণৰাজ্য দিৱসৰ ব্রিটিছ প্রধানমন্ত্রী জনছনক মুখ্য অতিথি হিচাপে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ইতিমধ্যে আনুষ্ঠানিকভাৱে আমন্ত্রণ জনাইছে৷ যোৱা ২৭ নৱেম্বৰত প্রধানমন্ত্রী জনছনৰ সৈতে হোৱা টেলিফোনিক বার্তালাপত প্রধানমন্ত্রী মোদীয়ে ব্রিটিছ প্রধানমন্ত্রীগৰাকীক্ এই আমন্ত্রণ দিয়া বুলি আজি চৰকাৰী সূত্রত প্রকাশ পাইছে৷ ১৯৯৩ চনত গণৰাজ্য দিৱসত ব্রিটিছ প্রধানমন্ত্রী জন মেজৰে মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰাৰ প্রায় ২৭ বছৰৰ মূৰকত দ্বিতীয়গৰাকী ব্রিটিছ প্রধানমন্ত্রীয়ে ভাৰতৰ গণৰাজ্য দিৱসত অংশ ল’ব৷ ইপিনে, গ্রেট ব্রিটেইনত অহা বর্ষত অনুষ্ঠিত হ’বলগীয়া জি–৭ সন্মিলনত অংশ ল’বৰ বাবে প্রধানমন্ত্রী মোদীক ২৭ নৱেম্বৰৰ টেলিফোনিক বার্তালাপতেই আমন্ত্রণ জনাইছে ব্রিটিছ প্রধানমন্ত্রীগৰাকীয়্৷ উল্লেখ্য যে ব্রেক্সিটৰ পিছত গ্রেট ব্রিটেইনত সৃষ্টি হ’ব পৰা পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি ব্রিটেইনৰ প্রধানমন্ত্রীগৰাকীক্ গণৰাজ্য দিৱসত আমন্ত্রণ জনোৱাটো তাৎপর্যপূর্ণ হিচাপে বিবেচিত হৈছে৷ আনপিনে, অহা বর্ষৰ পৰাই আমেৰিকা যুক্তৰাষ্ট্রত ৰাষ্ট্রপতি হিচাপে জ’ বাইডেনে দায়িত্ব গ্রহণ কৰাৰ লগে লগে ভাৰত আৰু আমেৰিকাৰ সম্পর্কৰ লগতে গ্রেট ব্রিটেইনৰ সম্পর্কৰ বিষয়টো তাৎপর্যপূর্ণ হৈ পৰিব৷ এনে পৰিস্থিতিৰ সৈতে বুজাবুজিৰ বাবেই ব্রিটিছ প্রধানমন্ত্রীগৰাকীক্ আমন্ত্রণ জনোৱাটো নতুন দিল্লীৰ এক কূটনৈতিক কৌশল হিচাপে চর্চিত হৈছে৷

You might also like