নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঘৰতে কেনেকৈ কৰিব চুলি স্পা ? জানি লওক আজিয়ে…

স্পা অর্থাৎ ছেনাছ পাৰ একুৱাম , যাৰ অর্থ হল পানীৰ জৰিয়তে সু–স্বাস্থ্য৷ স্পা শব্দটো প্রকৃততে ৰোমান আৰু গ্রীক সভ্যতাৰ লগত সাঙোৰ খাই আছে৷ দৰাচলতে পুৰণি দিনত ৰজা–মহাৰজাসকলে হওক বা আন লোকসকলে গা ধোৱা পানীত সুগন্ধি পুষ্প তথা বিভিন্ন আয়ুর্বেদিক ঔষধ মিহলাই বিভিন্ন বেমাৰৰ চিকিৎসা কৰিছিল৷ এক কথাত পানীৰ জৰিয়তে স্বাস্থ্য নিৰোগী কৰি ৰাখিছিল৷ কালক্রমত সেই পুৰণি ধাৰণাত যেন নতুনত্বৰ পৰশ পৰিল৷ এতিয়া যিকোনো এখন বিউটী পার্লাৰত আপুনি এই স্পা কৰি দেহ–মন সতেজ কৰি ৰাখিব পাৰে৷

চুলিখিনি সুন্দৰ তথা স্বাস্থ্যৱান কৰি ৰাখিবলৈ স্পাৰ খুবেই প্রয়োজন৷ কিন্তু পার্লাৰত এই স্পা কৰালে যথেষ্ট অর্থৰ লগতে সময়ৰো প্রয়োজন৷ গতিকে অলপ সময় উলিয়াই ঘৰতে কৰক স্পা৷ ঘৰতে চুলি স্পা কৰিবলৈ আগবেোৱা ৫টা

উপায়১. চুলি গুৰি ভালদৰে মালিচ কৰকঃ অলপ নাৰিকল তেল বা জলফাই তেল গৰম কৰি লাহে লাহে চুলিৰ গুৰিত লগাই ভালদৰে মালিচ কৰক৷

২.গৰম ভাপ দিয়ক: এখন টাৱেল গৰম পানীত ডুবাই চেপি লওক৷ এতিয়া টাৱেলখন মূৰত মেৰিয়াই দিয়ক৷ ইয়ে তেলখিনি তালুত ভালদৰে সোমাই যোৱাত সহায় কৰিব৷ এই প্রক্রিয়া ৫ৰ পৰা ৬ মিনিটমান কৰিব৷

৩. চুলিখিনি ধোৱক: এতিয়া এটা মাইল্ড ছেম্পুৰে চুলিখিনি ধুব৷ চুলি ধুবলৈ ঠাণ্ডা পানী ব্যৱহাৰ কৰিব৷

৪. কণ্ডিচনাৰ লগাওক: ছেম্পু কৰাৰ পাছত কণ্ডিচনাৰ কৰক৷ ইয়াৰ পাছত আপুনি ৰঙা চাহত দুই টোপাল নেমু মিহলি কৰিও চুলিত লগাব পাৰে৷

৫ শেষত চুলিত এক প্রলেপ লগাওক একেবাৰে শেষত চুলিখিনিত এটা মাস্ক্ লগাওক৷ ইয়াৰ বাবে এটা বাটিত দুটা কণী ভাঙি অলপ মৌ আৰু নাৰিকল তেল মিহলি কৰিপেষ্ট তৈয়াৰ কৰিব পাৰে৷ ইয়াত অলপ পকা কলো মিহলাব পাৰে৷ এতিয়া ব্রাছৰ সহায়ত চুলিৰ গুৰিৰ পৰা আগলৈকে লগাই প্রায় ১৫২০ মিনিটৰ পাছত ছেম্পু কৰক৷ এনেদৰে ঘৰতে স্পা কৰি একোছা সুন্দৰ চুলিৰ অধিকাৰী হওক৷

 

You might also like