নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোলাঘাট জিলাত ২ মে’ত ড্ৰাই দে ঘোষণা

নিয়মীয়া বাৰ্তা, ৩০এপ্ৰিল : বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাট জিলা প্ৰশাসনে অহা ২ মে’ৰ দিনটো ভোটগণনা শেষ নোহোৱালৈকে ড্ৰাই দে ঘোষণা কৰিছে । যদি ভোটগণনা ৩ মে’ দিনৰ ১১বজাৰ পাছতো অব্যাহত থাকে তেনেহ’লে ৩ মে’ৰ দিনটোও ড্ৰাই দে হিচাপে গণ্য কৰা হ’ব ।

জিলা উপায়ুক্ত বিভাষ চন্দ্ৰ মোদীয়ে এই সম্পৰ্কে নিৰ্দেশ জাৰি কৰিছে । এই সময়ছোৱাত সকলো পাইকাৰী আৰু খুচুৰা সুৰাৰ বিপনী বন্ধ থাকিব । লগতে সুৰা বিক্ৰীৰ অনুজ্ঞাপ্ৰাপ্ত ক্লাব, হোটেল আদিতো সুৰাৰ বিক্ৰী নিষিদ্ধ কৰা হৈছে । এই সময়ছোৱাত অনুজ্ঞাপত্ৰ নথকা স্থানত সুৰা মজুত ৰাখিবও নোৱাৰিব ।

এই নিৰ্দেশ উলংঘা কৰিলে অসম আবকাৰী আইন আৰু নিৰ্বাচন বিধিৰ ১৩৫ চি ধাৰাৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।

You might also like