নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাকঘৰ আৰু বাথৰূমত পইতাচোৰাই সমস্যা সৃষ্টি কৰিছে নেকি আজিয়েই অৱলম্বন কৰক এইকেইটা উপায়…

নিয়মীয়া বাৰ্তা ২৮ ছেপ্টেম্বৰঃ পইতাচোৰাৰ সমস্যা প্ৰত্যক খন ঘৰৰে সমস্যা। ঘৰত বাথৰুম আৰু পাকঘৰত পইতাচোৰা দেখা যায়। প্ৰথমে এটা পইতাচোৰা তাৰ পিছতেই অতি সোনকালে গোটেই ঘৰটোত বিয়পি পৰে। পইতাচোৰাবোৰ কেতিয়াবা আনকি পাকঘৰত ৰখা খাদ্য সামগ্ৰীৰ ওচৰলৈ ওলায়। ই সুস্থ মানুহক ৰুগীয়া কৰিব পাৰে। পইতাচোৰাৰ ফলত ব্যক্তি এজনৰ সংক্ৰমণ আৰু খাদ্যৰ বিষক্ৰিয়াৰ দৰে সমস্যা হ’ব পাৰে। কিন্তু কিছুমান উপায়েৰে পইতাচোৰাৰ পৰা ঘৰখন ৰক্ষা কৰিব পাৰি।

বেকিং চডাঃ  বেকিং চডাৰ সহায়ত পইতাচোৰা আঁতৰ কৰাটো আটাইতকৈ সহজ। বাথৰুমৰ নলা আৰু পাকঘৰৰ বেচিনৰ চাৰিওফালে বেকিং চডা ছটিয়াই দিয়ক যাতে পইতাচোৰা আঁতৰ কৰিব পৰা যায়। পইতাচোৰাবোৰে বেকিং চডাৰ গোন্ধ ভাল নাপায়। এইটোৱে পইতাচোৰাক নলাৰ পৰা বাহিৰলৈ নোলায়। তাৰ পিছত 7 ৰ পৰা 8 ঘণ্টাৰ পিছত একাপ কুহুমীয়া পানী লৈ আৰু ইয়াত 2 চাহ চামুচ বেকিং চডা মিহলী কৰক। এই মিশ্ৰণখিনি নলাত দি দিব লাগে আৰু সকলো পইতাচোৰা মৰি যাব।

বৰিক এচিডঃ দৰাচলতে, বৰিক এচিডৰ সংস্পৰ্শলৈ অহাৰ বাবে পইতাচোৰাৰ ভৰি আৰু পাখি লাগি ধৰে। আনকি যদি এটা পইতাচোৰাই বৰিক এচিড খায় তেতিয়া, পইতাচোৰা মৰি যায়। বাথৰুমৰ নলা আৰু পাকঘৰৰ বেচিনৰ ওচৰত ব’ৰিক পাউডাৰ ছটিয়াই পইতাচোৰাবোৰ আঁতৰ কৰিব পাৰি।

ভিনেগাৰঃ ঘৰৰ পৰা পইতাচোৰা আঁতৰাবলৈ বগা ভিনেগাৰ আৰু পানী সমান পৰিমাণে মিহলি কৰি তাৰ পিছত এই মিশ্ৰণ খিনি নলাত ঢালি দিব লাগে। ভিনেগাৰৰ গোন্ধে সকলো পইতাচোৰা পলাই যাব আৰু নলাৰ মাজেৰে নতুন পইতাচোৰা নাহে।

গৰম পানীঃ  পইতাচোৰাৰ পৰা পৰিত্ৰাণ পাবলৈ, নলাৰ মাজভাগত উতলা পানী ঢালি দিয়ক। ই নলাৰ ভিতৰত জমা হোৱা ময়লা পৰিষ্কাৰ কৰিব। মাজে মাজে নলাত গৰম পানী ঢালি দিব লাগে। লেতেৰাৰ বাবে পইতাচোৰা বৃদ্ধি হয়। গৰম পানীৰ বাবে নলাত থকা পইতাচোৰা বোৰৰ মৰি যায়।

You might also like