নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁৱ নগৰৰ মাজ মজিয়াত নৃশংস কাণ্ডঃ নবজাত কন্যা শিশুক ডিঙি চেপি হত্যা কৰিলে অবৈধ পিতৃ ৰূপী দানৱে

নিয়মীয়া বাৰ্তা ২৮ ছেপ্টেম্বৰঃ  পৃথিৱীৰ পোহৰ দেখাৰ কেইমুহূৰ্তমান পাৰ নহওতেই এটি নবজাত দেৱ শিশু জীৱনলৈ নামি আহিল মানৱ ৰূপী দানৱৰ চৰম নিষ্ঠুৰতা। পিতৃ মাতৃৰ অবৈধ কাণ্ডৰ বুজা বহন কৰি এই পৃথিৱীলৈ আগমন ঘটা কণমানি দেৱ শিশুটিয়ে নিজ পিতৃৰ হাততে হেৰুৱালে প্ৰাণ।মৰিগাঁও নগৰৰ ন ভেটি অঞ্চলৰ পল্লৱী বিশ্বাস নামৰ এগৰাকী মহিলাই ২৪ ছেপ্টেম্বৰ তাৰিখে নিজৰ নবজাত সন্তান নিৰুদ্দেশ হোৱাৰ সন্দৰ্ভত মৰিগাঁৱ সদৰ থানা ত এক গোচৰ ৰুজু কৰে ।

এই ঘটনা সম্পৰ্কে মৰিগাঁৱৰ আৰক্ষী অধীক্ষক অপৰ্ণা নতৰাজনে অৱগত হোৱাৰ পিছতে আৰক্ষীক ক্ষিপ্ৰ গতিৰে তদন্ত কৰিবলৈ নিৰ্দেশ দিয়ে আৰু সেই অনুসৰি কালি নিশা আৰক্ষীয়ে এই ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত অজয় কৃষ্ণ বৰদলৈ নামৰ এজন যুৱকক কৰায়ত্ত কৰাৰ পিছত আৰক্ষীৰ জেৰাত শিশুটিৰ পিতৃ বুলি নিজকে পৰিচয় দিয়াৰ লগতে শিশুটিক ডিঙি চেপি হত্যা কৰি এটা গাঁত ত পুতি থোৱা বুলি স্বীকাৰ কৰে। কালি নিশাই আৰক্ষীয়ে দণ্ডাধীশ ৰ উপস্থিতি ত শিশুটিৰ উৱলি যোৱা মৃতদেহ টি উদ্ধাৰ কৰাৰ লগতে হত্যাৰ অপৰাধত অজয় ক গ্ৰেপ্তাৰ কৰে।

আনহাতে শিশুটিৰ মাতৃ গৰাকীকো আৰক্ষীয়ে সোধা পুচা অব্যাহত ৰাখিছে। আনহাতে আজি সংবাদ মাধ্যমৰ সন্মুখত অভিযুক্ত অজয়ে শিশুটিক হত্যা কৰিবলৈ মাতৃ পল্লৱীয়ে হেঁচা দিয়া বুলি স্বীকাৰুক্তি দিয়ে। অৱশ্যে এই ঘটনাৰ সময়ত মাতৃ পল্লৱী শাৰীৰিক ভাবে অসুস্থ হৈ থকাৰ লগতে এই হত্যাকাণ্ডৰ সৈতে তেওঁ কোনো প্ৰকাৰে জড়িত নহয় বুলি প্ৰকাশ কৰিছে। অৱশ্যে আৰক্ষী অনুসন্ধান ত পৰৱৰ্তী সময়ত এই নৃশংস কাণ্ডৰ সৈতে আৰু কোন কোন জড়িত আছে সেয়া স্পষ্ট হব।

You might also like