নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দাঁতত হালধীয়া ৰং পৰিছে নেকি? জানক ঘৰুৱা উপায়েৰে কিদৰে নাইকিয়া কৰিব পাৰি…

নিয়মীয়া বাৰ্তা ২০ ফেব্ৰুৱাৰীঃ  দাঁত হৈছে সৌন্দৰ্যৰ প্ৰতীক। হাঁহিলে যদি দাঁতত হালধীয়া ৰং দেখা পোৱা যায়, তেতিয়া স্বাভাৱিকতে লাজত পৰা যায়। তামোল-গুটখা খাই বহু লোকৰ দাঁত ৰঙা অথবা হালধীয়া হৈ যায়। বহু লোকে দাঁতৰ ৰং গুচাবলৈ চিকিৎসকৰ ওচৰলৈ যায়। কিন্তু ঘৰুৱা উপায়ৰেও  দাঁত পৰিষ্কাৰ কৰিব পাৰি। জানো আহক কিদৰে…

কলৰ বাকলি( banana peel)-   দাঁতত কলৰ বাকলিৰ বগা ফালটোৰে নিয়মীয়াকৈ ব্ৰাছ কৰিলে সোনকালে দাঁতৰ হালধীয়া ৰং নাইকিয়া হৈ যায়। কিন্তু কলৰ বাকলিৰে দাঁত ঘঁহি লোৱাৰ পিছত, আপুনি  গৰম পানীৰে ভালদৰে দাঁত চাফা কৰিব লাগিব।

নিমখ(salt)- দাঁত পৰিষ্কাৰ কৰিবলৈ যুগ যুগ ধৰি নিমখৰ ব্যৱহাৰ কৰি অহা হৈছে। নিমখৰ দাঁতৰ সৌন্দৰ্য বৃদ্ধিত যথেষ্ট গুৰুত্ব আছে। দাঁতৰ হালধীয়া ভাব দূৰ কৰিবলৈ নিমখৰ ব্যৱহাৰৰ পৰামৰ্শ দিছে বিশেষজ্ঞই।

 

তুলসী পাত( basil leaves)-  তুলসী পাত দাঁতৰ স্বাস্থ্যৰ বাবে বহু উপকাৰী। তুলসী পাত প্ৰথমে ৰ’দত শুকাবলৈ  দিয়ক। যেতিয়া পাত শুকাই যায়, তেতিয়া টুথপেষ্টৰ সৈতে মিহলাই নিয়মিত ৰূপে ব্ৰাছ কৰিলে দাঁতৰ হালধীয়া ৰং নাইকিয়া হৈ যাব। লগতে দাঁতৰ বিভিন্ন ৰোগৰ পৰাও ৰক্ষা কৰিব পাৰি।

বেকিং চডা(baking soda) -দাঁতৰ হালধীয়া ৰং দূৰ কৰিবলৈ সুন্দৰ আহিলা হৈছে বেকিং চডা। টুথপেষ্টৰ লগত সামন্য পৰিমাণৰ বেকিং চডা মিহলি কৰি দাঁত ঘঁহক। তাৰ পিছত অলপ গৰম পানীৰে মুখখন কুলকুলি কৰিব। সপ্তাহত অন্ততঃ দুদিন এই পদ্ধতি ব্যৱহাৰ কৰিলে ভাল ফল পাব।

কমলাৰ বাকলি(orange peel)- দাঁতৰ সৌন্দৰ্যত কমলা বাকলি খুবেই জৰুৰী। প্ৰতি ৰাতি কমলাৰ বাকলিৰে দাঁত ঘহিব। নিয়মিত ৰূপত কমলাৰ বাকলিৰে দাঁত ঘহিলে দাঁতৰ পৰা হালধীয়া ৰং নাইকিয়া হৈ যাব।

You might also like