নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এই দুবিধ খাদ্য হৃদপিণ্ড আৰু স্বাস্থ্যৰ বাবে বিপজ্জনক, ভালদৰে খাওক…

নিয়মীয়া বাৰ্তা ২৬ জানুৱাৰীঃ চেনি আৰু নিমখ দুয়োটাই আমাৰ শৰীৰৰ বাবে প্ৰয়োজনীয় উপাদান। কিন্তু দুয়োটা বস্তু জোখতকৈ বেছিকৈ ল’লে শৰীৰৰ বাবে ক্ষতিকাৰক হ’ব পাৰে। জানো আহক দুয়োবিধ সামগ্ৰী অতিমাত্ৰা ল’লে আমাৰ শৰীৰৰ কিদৰে ক্ষতি হ’ব পাৰে।

নিমখৰ প্ৰভাৱঃ যিসকল লোক প্ৰেছাৰ বা হৃদৰোগত আক্ৰান্ত, তেওঁলোকে প্ৰথমে নিমখৰ কথা ভাবে। ইয়াৰ বাবে বহুতে অলপমান নিমখ নিজৰ ডায়েটত ৰাখে। কিন্তু এইটো ভাবিলে ভুল হ’ব যে কমকৈ নিমখ ল’লে হৃদয়ত কোনো ধৰণৰ প্ৰভাৱ নপৰে বুলি। নিমখ কমকৈ খালে কিছু লোকৰ ব্লাড প্ৰেছাৰ কমি যায়, কিন্তু নিমখৰ পৰিমাণ কম কৰিলে ব্লাড প্ৰেছাৰ বেছিহে হয়। কম নিমখ হৃদৰোগৰ কাৰণ হ’ব পাৰে।

আমেৰিকাৰ হাৰ্ট এছ’চিয়েচনৰ মতে এজন ব্যক্তিয়ে ১.৫ গ্ৰামৰ কম নিমখ খাব নালাগে, নহলে হাৰ্ট এটেক আহিব পাৰে। লগতে ৫০ বৰ্ষৰ বহুমূত্ৰ ৰোগীয়ে ১.৫ গ্ৰামতকৈ বেছি নিমখ খাবও নালাগে।

চেনিৰ প্ৰভাৱঃ পেকেড ফুডচত ৭৫ শতাংশ কৃত্ৰিম মিঠা থাকে। চেনিৰ মাত্ৰা বেছি হ’লে হৰম’নত প্ৰভাৱ পৰে, যাৰ বাবে কেৱল বহুমূত্ৰই নহয় হাই ব্লাড প্ৰেছাৰ বৃদ্ধি হ’ব পাৰে। যিসকল লোকে দিনত ২৫ শতাংশ মিঠা বা তাতোধিক কেলৰি সেৱন কৰে, সেইসকল লোকৰ হাৰ্ট এটেকত মৃত্যু হোৱা আশংকা আন লোকৰ তুলনাত প্ৰায় তিনিগুণ বেছি হয়।

চেনি বেছিকৈ খালে শকত হোৱাৰ লগতে, দাঁতৰ সমস্যা, ব্লাড প্ৰেছাৰ আৰু হাৰ্টৰ সমস্যাও হয়।

You might also like