নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অযোধ্যাত আজিৰে পৰা আৰম্ভ হ’ল মছজিদৰ নিৰ্মাণকাৰ্য

নিয়মীয়া বাৰ্তা, ২৬ জানুৱাৰীঃ অযোধ্যাৰ ৰাম জনমভূমি-বাবৰি মছজিদ বিতৰ্ক-গোচৰৰ অন্তত ৰাম মন্দিৰৰ লেখিয়াকৈ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ হ’ল মছজিদৰো। অযোধ্যাত ধানিপুৰ মছজিদ প্রকল্পৰ নির্মাণকাৰ্য আজিৰ পৰা আৰম্ভ কৰা হয়। বৃক্ষৰোপণ আৰু জাতীয় পতাকা উত্তোলনৰ মাজেৰে মছজিদ নিৰ্মাণ কাৰ্যসূচীৰ সূচনা হয় আজি।

ইণ্ডো-ইছলামিক কালচাৰেল ফাউণ্ডেচনে প্রকাশ কৰা নক্সা অনুসৰি নিৰ্মাণ কৰিবলগীয়া মছজিদটো বাবৰি মছজিদৰ আকাৰৰ সমান হ’ব বুলি জানিব পৰা গৈছে। কিন্তু অন্য মছজিদতকৈ এই মছজিদৰ কাঠামো সম্পূৰ্ণ সুকীয়া।

উত্তৰপ্রদেশ চুন্নি কেন্দ্রীয় ৱাকফ বোর্ডৰ দ্বাৰা গঠিত আইআইছিএফ ট্রাষ্টৰ পৰা জানিব পৰা মতে, আজি ২৬ জানুৱাৰী অর্থাৎ প্রজাতন্ত্র দিৱস দিনা পুৱা ৮.৩০ বজাত প্ৰকল্পৰ বাবে উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা পাঁচ একৰ ভূমিত জাতীয় পতাকা উত্তোলন কৰে।

মছজিদটোৰ নামকৰণ সম্পৰ্কে ট্রাষ্টৰ সচিব আথাৰ হুছুইনে কয় যে ব্রিটিছৰ বিৰুদ্ধে ১৮৫৭ চনৰ চিপাহী বিদ্রোহৰ সময়ৰ ‘বিদ্রোহৰ বন্তিঘৰ’ ৰূপে পৰিচিত মৌলবী আহমাদুল্লাহ শ্বাহৰ নামানুসাৰে এই মছজিদৰ নামকৰণ হব পাৰে।

You might also like