নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৫ ৰ পৰা ১৮ বসয়ৰ কিশোৰ কিশোৰীৰ ভেকচিনঃ ওদালগুৰিত শুভাৰম্ভ কৰিলে বিটিআৰৰ উপমুখ্য কাৰ্যবাহী গোবিন্দ বসুমতাৰীয়ে

 নিয়মীয়া বাৰ্তা, ৩ জানুৱাৰীঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ওদালগুৰি জিলাতো আৰম্ভ হৈছে ১৫ বছৰৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰ-কিশোৰীক ক’ভিড প্ৰতিষেধক প্ৰদান কাৰ্যসূচী। ওদালগুৰিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিটিআৰৰ উপ মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰীয়ে প্ৰমথ কোবিদ ভেকচিন লবলৈ আগবাঢ়ি অহা এজন ছাত্ৰ আৰু এজনী ছাত্ৰীক একোখনকৈ আৰণায় পিন্ধাই আদৰণি জনাই এই টিকাকৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ইয়াৰপূৰ্বে ওদালগুৰি জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত তথা শিক্ষা বিভাগৰ সহযোগত ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কোবিদ ভেকচিন সম্পৰ্কীয় এক সজাগতা কাৰ্যসূচীৰ আয়োজন কৰা হয়।

এই কাৰ্যসূচীত ভাষণ প্ৰদান কৰি বিটিআৰৰ উপ মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰীয়ে কোবিদ মহামাৰীৰ পৰা দেশবাসীক সুৰক্ষিত কৰি ৰাখিবলৈ ভাৰত চৰকাৰে গ্ৰহণ কৰা প্ৰতিষেধন প্ৰদান কাৰ্যসূচীত শিক্ষাৰ্থীসকলকো আগবাঢ়ি আহিবলৈ আৰু সহযোগ কৰিবলৈ আহ্বান জনায়। তেওঁ সম্প্ৰতি কোবিদৰ নতুন ভেৰিয়েন্ট অমিক্ৰনৰ দ্ৰুত সংক্ৰমণৰ কথাও উল্লেখ কৰি এই মহামাৰীৰ বাবে কাৰো জীৱনলৈ অমানিশা নাহক তাৰ বাবে প্ৰত্যেকেই সজাগ আৰু সচেতন হৈ চৰকাৰী নীতি নিৰ্দেশনা পালন কৰিবলৈ সকলোকে আহ্বান জনায়। এই কাৰ্যসূচীত উপস্থিত থাকি ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ শৈক্ষিক বৰ্ষ যাতে আৰু নষ্ট নহয় আৰু তেওঁলোকক কোবিদ মহামাৰীৰ পৰা যাতে সুৰক্ষিত থাকিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰে সমগ্ৰ দেশজুৰি আৰম্ভ কৰা ১৫ ৰ পৰা ১৮ বছৰ বসয়ৰ কিশোৰ-কিশোৰীসকলক ভেকচিন প্ৰদান প্ৰক্ৰিয়া আজিৰে পৰা আৰম্ভ কৰা বুলি উল্লেখ কৰি এই কাৰ্যসূচীত সকলোকে সহযোগ কৰিবলৈ ওদালগুৰিৰ জিলা উপায়ুক্ত ডঃ পি উদয় প্ৰবীণে আহ্বান জনায়।

সাংবাদিকৰে হোৱা এক সাক্ষাত্ কাৰত ওদালগুৰিৰ জিলা উপায়ুক্ত গৰাকীয়ে জিলাখনত মুঠ ৩৫ হাজাৰ শিক্ষাৰ্থীক এই ভেকচিন প্ৰদান কাৰ্যসূচীত লক্ষ্য কৰি লোৱা হৈছে আৰু ইয়াৰ লগতে আন কিছুমান বিদ্যালয়লৈ নোযোৱা উক্ত বসয়ৰ শিক্ষাৰ্থীকো চিনাক্ত কৰি অহা দহ তাৰিখ ভিতৰত এই কাৰ্যসূচী সম্পন্ন কৰা হব বুলি সদৰী কৰে। ওদালগুৰিৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক জয়পাল ব্ৰহ্মই আঁত ধৰা এই ভেকচিন প্ৰদান কাৰ্যসূচীত ওদালগুৰিৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডঃ অভিজিত বসু, ওদালগুৰিৰ অতিৰিক্ত উপায়ুক্ত দেৱেশ্বৰ বৰা, ওদালগুৰিৰ প্ৰতিষেধন বিষয়া ডঃ গণেশ চন্দ্ৰ ব্ৰহ্ম, ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ পুস্পধৰ বাঁচতোলা আদি কেবাগৰাকীও লোক উপস্থিত থাকি ভেকচিন লবলৈ ছাত্ৰ-ছাত্ৰীসকলক উগদনি যোগায়।

প্ৰেৰকঃ ৰাম উপাধ্যায়, ওদালগুৰি।

You might also like