নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষঃ মানসিক অস্থিৰতা দূৰ হ’ব৷ সন্তানৰ উচ্চ শিক্ষাৰ বাতৰিয়ে মনত আনন্দ দিব৷ প্রাপ্তি ধন লাভৰ সম্ভাৱনা৷ যান–বাহন কিনাৰ বাবে চেষ্টা চলাব পাৰে৷ প্রেমত শুভ৷ বিবাহৰ যোগাযোগত শুভ৷
বৃষঃ ব্যৱসায়ত উন্নতি লাভৰ সম্ভাৱনা৷ আর্থিকত খৰচৰ মাত্রা বৃদ্ধি পাব৷ মাটি–বাৰীৰ লেনদেনত সাৱধান হ’ব৷ আৰক্ষী তথা সামৰিক বাহিনীত কাম কৰাসকলৰ বাবে পদোন্নতিৰ যোগ দেখা যায়৷
মিথুনঃ সন্তানৰ সাফল্যই আপোনাক আনন্দিত কৰিব৷ বিদ্যা ক্ষেত্রত শুভফল লাভৰ পৰা বঞ্চিত হ’ব পাৰে৷ বিবাহযোগ্যই বিয়াৰ কথা চিন্তা কৰিব পাৰে৷ ব্যৱসায়–বাণিজ্যত লাভ বৃদ্ধিৰ কাৰকতা৷
কর্কটঃ কর্মক্ষেত্রত নানা বেমেজালিৰ বাবে মনটো অস্থিৰ হ’ব পাৰে৷ মাটি–বাৰী ক্রয় কৰাৰ ক্ষেত্রত তৃতীয় ব্যক্তিৰ লগত যোগাযোগ নকৰিব৷ সন্তানৰ বাবে চিন্তা থাকিব৷ প্রেমত ভালেই দেখা যায়৷
সিংহঃ পানী লগা, কাহ আদি ৰোগ হ’ব পাৰে৷ কর্মক্ষেত্রত মানসিক অস্থিৰতা বৃদ্ধি পাব৷ মোকর্দমা আদিত সফলতা আহিব৷ ওচৰ–চুবুৰীয়াৰ লগত মনোমালিন্য হ’ব পাৰে৷ প্রেমত কিছু জটিলতা৷
কন্যাঃ ব্যৱসায় সম্প্রসাৰণৰ যোগ দেখা যায়৷ দৈহিক দিশত পেটৰ ৰোগ হোৱাৰ সম্ভাৱনা৷ সন্তানৰ ক্ষেত্রত শুভ৷ দূৰ ভ্রমণ নকৰাই ভাল৷ প্রেমত অশান্তিৰ কাৰক দেখা যায়৷
তুলাঃ কর্মক্ষেত্রত সহকর্মীৰ ব্যৱহাৰত সন্তোষ নাপাব পাৰে৷ দাম্পত্যত নিজৰ বিচাৰক অগ্রাধিকাৰ দিব লাগিব৷ আর্থিকত মধ্যম প্রভাৱ৷ মান–সন্মানৰ প্রশ্ণত বিচলিত হ’বও পাৰে৷ ব্যৱসায়ত শুভ৷
বৃশ্চিকঃ আর্থিক উন্নতিৰ চেষ্টা কৰিলেও খৰচৰ মাত্রা বাঢ়িব৷ ঘৰুৱা তথা কর্মস্থানত বিশেষ আহুকাল নাপাব৷ পিতৃৰ খুব বেয়া নহয়৷ বিদ্যাত অনুকূল৷ গৃহাদিৰ উন্নতিৰ চেষ্টা অব্যাহত থাকিব৷
ধনুঃ বৈষয়িক ক্ষেত্রত নিজৰ দুর্বলতাৰ বাবে সমস্যাত পৰিব পাৰে৷ কর্মস্থানত সামগ্রিক ক্ষেত্রত আশাপূর্ণ যোগাযোগ পাব৷ বিয়া–বাৰুৰ যোগাযোগত বাধা পাব৷ প্রেমত শুভ৷
মকৰঃ দাম্পত্যত বিশেষ পৰিৱর্তন নাই৷ সন্তানৰ বাবে মধ্যম৷ বিয়া–বাৰুৰ যোগাযোগত শুভ৷ ব্যৱসায়ীসকলৰ দূৰ ভ্রমণ সফল হ’ব পাৰে৷ ভাই–ভনীৰ পৰা সহূদয়তা নাপাব৷ ভ্রমণত বাধা নাই৷
কুম্ভঃ চাকৰিয়াল ব্যক্তিসকলৰ বদলিৰ সম্ভাৱনা দেখা যায়৷ কর্মত তৎপৰতা থাকিব৷ শৰীৰৰ প্রতি যত্ন ৰখাতো বিশেষ দৰকাৰ হ’ব৷ অর্থলাভৰ তুলনাত খৰচৰ পৰিমাণ বৃদ্ধি পাব৷ প্রেম–প্রীতিত অনুকূল৷ দাম্পত্যত কিছু চিন্তা থাকিব৷
মীনঃ আপোনাৰ মানসিক ৰোগ বৃদ্ধি পাব৷ মনোবল বৃদ্ধি পাব৷ মাতৃৰ শুভ৷ নতুন পৰিকল্পনাত ব্যৱসায়ত উন্নতি লাভৰ কাৰকতা৷ কর্মক্ষেত্রত সামান্য বাধাৰ কাৰকতা৷ যাত্রাদিত শুভ৷ সু–বন্ধু লাভ৷ প্রেমত আহুকাল সাধাৰণ৷

You might also like