নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিকিৎসকক নির্মম প্রহাৰঃ ২৪ বর্বৰ পাষণ্ডক গ্রেপ্তাৰ

নিয়মীয়া বাৰ্তা ৩ জুনঃ ক’ভিড মহামাৰীৰ জটিল সময়ত সমুখৰ শাৰীত থিয় হৈ মানৱ সেৱা কৰি অহা চিকিৎসকক বর্বৰোচিত আক্রমণৰ ঘটনাই তোলপাৰ লগাইছে সমগ্র দেশ৷ হোজাই জিলাৰ উদালিৰ ফুলতলী মডেল হাস্পতালৰ ক’ভিড কেয়াৰ চেণ্টাৰত যুৱ চিকিৎসক সেউজ কুমাৰ সেনাপতিক এদল উন্মত্ত লোকে প্রহাৰ কৰা ঘটনাই লজ্জানত কৰিছে সমগ্র অসমবাসীক এই নিন্দনীয় ঘটনাৰ তীব্র প্রতিক্রিয়াৰ পাছতে চিকিৎসক নিগ্রহত জড়িত লোকসকলৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে অসম আৰক্ষী৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ কঠোৰ নির্দেশৰ পাছতে চিকিৎসক সেনাপতিক নৃশংসভাৱে প্রহাৰ কৰা ২৪জন লোকক গ্রেপ্তাৰ কৰিছে হোজাই আৰক্ষীয়ে৷

কালি নিশাৰে পৰা আৰক্ষীয়ে অভিযান চলাই হোজাইৰ বিভিন্ন স্থানৰ পৰা গ্রেপ্তাৰ কৰা লোককেইজন হৈছে কমৰ উদ্দিন, জয়নাল উদ্দিন, ৰাহান উদ্দিন, ছাইফুল আলম, ৰহিম উদ্দিন, ৰিজুল ইছলাম, তৈয়বুৰ ৰহমান, ৰহিম উদ্দিন, আব্দুল কালাম, নজৰুল ইছলাম, আব্দুল গনি, দিলোৱাৰ হুছেইন, আব্দুল হুছেইন, আনোৱাৰ হুছেইন, ইক্রামুল হুছেইন, নাছিৰ উদ্দিন, আলিম উদ্দিন, জামিল আহমদ, ছাহিল ইছলাম, ছৰিফ উদ্দিন, ছফিক উদ্দিন, মফিজুৰ ৰহমান, মতিবুৰ ৰহমান আৰু মিছবা বেগম৷ আজি আৰক্ষীয়ে গ্রেপ্তাৰ কৰা এই লোককেইজনক জিলা সদৰৰ শংকৰদেৱ নগৰৰ ন্যায়িক আদালতত হাজিৰ কৰোৱায়৷

আদালতে ১৪জন অভিযুক্তক জে’ললৈ প্রেৰণ কৰাৰ লগতে ৭জনক আৰক্ষীৰ জিম্মালৈ প্রেৰণ কৰে৷ আন তিনিজন অভিযুক্ত নাবালক হোৱা বাবে তেওঁলোকক আৰক্ষীৰ বিশেষ জিম্মালৈ প্রেৰণ কৰা হয়৷ উল্লেখ্য যে কালি ফুলতলী মডেল হাস্পতালৰ ক’ভিড কেয়াৰ চেণ্টাৰত এজন ৰোগীৰ মৃত্যুক কেন্দ্র কৰি উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈছিল৷ চিকিৎসকৰ গাফিলতিৰ বাবেই ৰোগীজনৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰি তেওঁৰ একাংশ আত্মীয় আৰু চুবুৰীয়াই কর্তব্যৰত চিকিৎসক সেউজ কুমাৰ সেনাপতি, নার্ছ ললিতা ভৰালী আৰু স্বাস্থ্যকর্মীসকলক আক্রমণৰ লক্ষ্য কৰি লয়৷

বিশেষকৈ কর্তব্যৰত চিকিৎসক সেউজ কুমাৰ সেনাপতিক উন্মত্ত লোকসকলে বর্বৰভাৱে প্রহাৰ কৰাত তেওঁ গুৰুতৰভাৱে আঘাতপ্রাপ্ত হয়৷ এই ঘটনাৰ বাতৰি বিয়পি পৰাৰ লগে লগে সমগ্র ৰাজ্যত ব্যাপক প্রতিক্রিয়া সৃষ্টি হয়৷ অসম চিকিৎসা সেৱা সংস্থা, ভাৰতীয় চিকিৎসা সংস্থাকে ধৰি বিভিন্ন দল–সংগঠনে এই বর্বৰোচিত ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দিয়ে৷ লগতে এই মহামাৰীৰ বিৰুদ্ধে সমুখৰ পৰা যুঁজ দিয়া চিকিৎসকক আক্রমণৰ ঘটনাত জড়িতসকলক দৃষ্টান্তমূলক শাস্তি প্রদান কৰিবলৈও সর্বত্র দাবী উত্থাপন হয়৷

ইপিনে এই ঘটনাৰ বিষয়ে অৱগত হোৱাৰ লগে লগে উদ্বিগ্ণতা প্রকাশ কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আইন হাতত তুলি লোৱা এই কার্য কেতিয়াও সহ্য কৰা নহ’ব বুলি সকীয়াই দিয়ে৷ লগতে স্বাস্থ্যমন্ত্রী কেশৱ মহন্তক ঘটনাস্থলীলৈ গৈ সমগ্র ঘটনাৰ বুজ ল’বলৈ নির্দেশ দিয়ে৷ ইয়াৰ পাছতে নিশাই হোজাইত উপস্থিত হৈ চিকিৎসক সমাজক আশ্বস্ত কৰে স্বাস্থ্যমন্ত্রী মহন্তই৷ একে সময়তে চিকিৎসকক আক্রমণ কৰাৰ এই ঘটনাৰ তদন্ত মুখ্যমন্ত্রী ড০ শর্মাই ব্যক্তিগতভাৱে নিৰীক্ষণ কৰি আছে বুলিও সদৰী কৰে৷ আনহাতে, ঘটনাৰ পাছতে হোজাই আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ১২০(বি)/১৪৩/৩৪২/৪৪৭/৩৩৭/৩০৭/৩৫৩/৪২৭ ধাৰাৰ লগতে দুর্যোগ ব্যৱস্থাপনা আইন আৰু কর্মৰত চিকিৎসক সেৱা আইনৰ বিভিন্ন ধাৰাৰ অধীনত ৩৭০/২১ নম্বৰৰ গোচৰ ৰুজু কৰে৷ কেৱল সেয়াই নহয়, নিশাৰ ভাগৰ পৰাই অভিযান চলাই এই ঘটনাত জড়িত লোকসকলক গ্রেপ্তাৰ কৰে হোজাই আৰক্ষীয়ে৷

ইফালে বুধবাৰে হোজাইত উপস্থিত হয় অসম আৰক্ষীৰ সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্ত৷ আইনৰ সুৰুঙাৰে যাতে দোষী সাৰি যাব নোৱাৰে, তাৰ বাবে বিহিত ব্যৱস্থা গ্রহণ কৰিবলৈ হোজাই আৰক্ষী অধীক্ষকক কঠোৰ নির্দেশ দিছে ভাস্কৰজ্যোতি মহন্তই৷ ঘটনা সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰি অসম আৰক্ষীৰ সঞ্চালকপ্রধানজনে সংবাদ মাধ্যমৰ আগত কয়– ‘চি আই ডিৰ প্রত্যক্ষ নিৰীক্ষণত এই গোচৰৰ তদন্ত চলিব৷ উপ–আৰক্ষী অধীক্ষক পর্যায়ৰ বিষয়াৰ নেতৃত্বত এই তদন্ত কৰা হ’ব৷ প্রতিটো তথ্য–প্রমাণ আদালতত দোষীৰ বিৰুদ্ধে সঠিকভাৱে দাখিল কৰা হ’ব৷ তাৎক্ষণিকভাৱে এই গোচৰটোৰ যাতে বিচাৰ প্রক্রিয়া আৰম্ভ হয়, তাৰ ব্যৱস্থা গ্রহণ কৰা হ’ব৷ ফার্ষ্ট ট্রেক আদালতৰ দৰে এই গোচৰটোৰ দ্রুত বিচাৰ প্রক্রিয়া সম্পন্ন কৰা হ’ব৷’ একে সময়তে ক’ভিড কেয়াৰ চেণ্টাৰসমূহ আৰু হাস্পতালত সুৰক্ষা নিশ্চিত কৰাৰ ব্যৱস্থা গ্রহণ কৰা হ’ব বুলিও তেওঁ আশ্বাস দিয়ে৷ বিশেষকৈ ক’ভিড কেয়াৰ চেণ্টাৰসমূহত টহলৰ ব্যৱস্থা কৰা হ’ব বুলি ঘোষণা কৰি অসম আৰক্ষীৰ সঞ্চালকপ্রধানজনে কয়– ‘চিকিৎসক আৰু স্বাস্থ্যকর্মীৰ বিৰুদ্ধে এনেদৰে নিগ্রহৰ ঘটনাক অসম আৰক্ষীয়ে কেতিয়াও সহ্য কৰা নাই আৰু আগলৈও নকৰে৷’

প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে আক্রমণৰ বলি হোৱা চিকিৎক সেউজ কুমাৰ সেনাপতিক উন্নত চিকিৎসাৰ বাবে নিশাৰ ভাগতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ লৈ অহা হয়৷ সম্প্রতি চিকিৎসক সেনাপতি সংকটমুক্ত বুলি জানিব পৰা গৈছে৷ নিশা প্রায় ১.৪৫ বজাত তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ অনা হয়৷ চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষ অচ্যুত বৈশ্যই প্রকাশ কৰা অনুসৰি হাস্পতালখনত উপস্থিত হোৱাৰ লগে লগে চার্জাৰী বিভাগৰ এটা বিশেষজ্ঞ চিকিৎসক দলে সেনাপতিৰ স্বাস্থ্য পৰীক্ষা কৰে৷ চিটি স্কেনকে ধৰি যাৱতীয় সকলো পৰীক্ষা ইতিমধ্যে সম্পন্ন কৰা হৈছে৷

চিকিৎসকজনৰ আঘাত সন্দর্ভত বৈশ্যই কয়– শৰীৰত যথেষ্ট আঘাত পাইছে৷ মুখৰ হাড় এডালৰ ক্ষতি হৈছে৷ হাস্পতাললৈ অনাৰ সময়ত নাকেৰে তেজ নিগৰি আছিল৷ পিঠিত যথেষ্ট আঘাত পাইছে৷ সম্প্রতি তেওঁক নিৰীক্ষণত ৰখা হৈছে৷ সম্পূর্ণ সুস্থ হৈ উঠোঁতে কিছু সময়ৰ প্রয়োজন হ’ব৷ আনহাতে চিকিৎসক সেনাপতিৰ আক্রমণৰ ঘটনাক অমানুষিক বুলি অভিহিত কৰি অধ্যক্ষ বৈশ্যই কয় যে ক’ভিড যোদ্ধা হিচাপে চিকিৎসকসকলক সমগ্র দেশজুৰি সন্মান প্রদর্শন কৰা হৈছে৷ এনে সময়তে উদালিৰ এই ঘটনাই ৰাজ্যখনকে লজ্জানত কৰিলে৷ উদালিৰ মডেল হাস্পতালখনত চিকিৎসকক নিগ্রহৰ ঘটনাত প্রতিক্রিয়া প্রকাশ কৰিছে দিল্লীস্থিত সর্বভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠান (এইমছ)–এ৷ এই ঘটনাক গৰিহণা দি দোষীক কঠোৰ শাস্তি প্রদানৰ দাবী জনাইছে দিল্লী এইমছে৷

You might also like