নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাৰ্ঘেৰিটা আৰু লিডুৰ ক’ভিড পৰিস্থিতিৰ বুজ ল’লে মন্ত্ৰী সঞ্জয় কিষান আৰু বিধায়ক ভাস্কৰ শৰ্মাই

নিয়মীয়া বাৰ্তা, ২ জুনঃ শ্ৰম তথা চাহ জনজাতি কল্যাণ দপ্তৰৰ মন্ত্ৰী সঞ্জয় কিষান সহ মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাই আজি মাৰ্ঘেৰিটা সমষ্টি ভ্ৰমণ কৰি মাৰ্ঘেৰিটাৰ ক’ভিড কেয়াৰ চেন্টাৰ ইণ্ডিয়া ক্লাৱ পৰিদৰ্শন কৰি চেন্টাৰটোত থকা ৰোগী সকলৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে চেন্টাৰটোৰ ক’ভিড ব্যৱস্থাপনা সন্দৰ্ভটো সৱিশেষ তথ্য লয় ৷

ইয়াৰ লগতে মন্ত্ৰীয়ে লিডু চাহ বাগিছা আৰু নামডাং চাহ বাগিছা পৰিদৰ্শন কৰে ৷ তেখেতে বাগিছা দুখনৰ পৰিচালকসকলৰ সৈতে মত বিনিময় কৰে আৰু বাগিছাৰ কৰ্মী সকলৰ মাজত মাক্স বিতৰণ কৰে ৷ লগতে ক’ভিড-১৯ ৰ বিৰুদ্ধে সকলোকে সজাগ আৰু সচেতন হৈ থাকিবলৈ আহ্বান জনায় ৷ ইয়াৰ পাছতেই মাৰ্ঘেৰিটাৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ সভাকক্ষত এখনি গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় ৷

উক্ত বৈঠকত মন্ত্ৰীয়ে ক’ভিড-১৯ ৰ ক্ষেত্ৰত ল’বলগীয়া প্ৰয়োজনীৰ ব্যৱস্থাৰ ওপৰত আলোচনা কৰে আৰু সকলোধৰণৰ সা-সুবিধা মজুত ৰাখিবৰ বাবে মহকুমা প্ৰশাসন তথা বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিয়ে ।

You might also like