নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষঃ ব্যস্ততা বৃদ্ধিৰ বাবে সাজু হৈ থাকিব৷ বিশেষ কোনো কাৰণত যোগাযোগৰ দৰকাৰ হ’ব পাৰে৷ বিদ্যাত শুভ৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৮৷
বৃষঃ পাৰিবাৰিক কাৰণত মাতৃ–পিতৃৰ লগত মতবিৰোধ হোৱাৰ সম্ভাৱনা৷ নতুন আশাৰে আনৰ লগত কথা পাতি আনন্দ পাব৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৬৷
মিথুনঃ দুষ্টচক্রৰ ধন হানি হোৱাৰ যোগ৷ অধিক কর্মবেদনা পৰিলেও কিছু নিয়ন্ত্রণ কৰক৷ বাহ্যিক কথাত কিছু মানসিক অস্থিৰতা৷ শুভ ৰং গুলপীয়া৷ শুভ সংখ্যা ১৷
কর্কটঃ সামূহিক দৃষ্টি খুব উন্নত দেখা নাযায়৷ কোনো সমস্যা সমাধানৰ ক্ষেত্রত বাধা পাব৷ ধন প্রাপ্তিৰ সম্ভাৱনা৷ ভ্রমণ যোগ৷ শুভ ৰং মাটিয়া৷ শুভ সংখ্যা ৭৷
সিংহঃ নিজ কর্মত মনোযোগ দিয়ক৷ সামগ্রিক দিশত ভালেৰেই পাৰ হ’ব৷ ধন প্রাপ্তিৰ সম্ভাৱনা৷ কর্মস্থানত নতুন দায়িত্ব বৃদ্ধি পাব৷ শুভ ৰং কমলা৷ শুভ সংখ্যা ৪৷
কন্যাঃ আর্থিক উন্নতিৰ মৃদু আভাস৷ ঘৰুৱা পৰিৱেশ শুভ৷ বন্ধুবর্গ বা কোনো আত্মীয়ৰ লগত লেনদেন নকৰা ভাল৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ৫৷
তুলাঃ আজিৰ দিনটো মোটামুটি বেয়া বোলা নাযায়৷ দৈহিক সুখ বৃদ্ধিৰ কাৰকতা৷ কর্মক্ষেত্রত খ্যাতি লাভ কৰিব৷ ব্যৱসায়ত মনোবল অটুট ৰাখিব৷ দাম্পত্যত অশান্তি৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৪৷
বৃশ্চিকঃ আর্থিক কামত আপোনাৰ ভালেই দেখা যায়৷ কিন্তু মানসিক অস্থিৰতা অনুভৱ কৰিব পাৰে৷ বিদ্যাত বেছি জটিলতা নাই৷ কর্মত নতুন যোগাযোগ৷ শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা ৪৷
ধনুঃ দিনৰ সাত বজাৰ পৰা ব্যক্তিগত উদ্দেশ্যত ব্যস্ত হৈ পৰিব৷ অনাহক সমস্যাক লৈ সময় নষ্ট নকৰিব৷ আৱেগক খুব কম স্থান দিয়ক৷ জ্ঞাতি–কুটুম্বৰ লগত সুখ৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৭৷
মকৰঃ দিনটো মধ্যম বুলি ধৰিব পাৰে৷ যোগাযোগৰ ইচ্ছুকৰ সফলতা৷ পিতৃ–মাতৃ তথা দম্পতীৰ ফালৰ পৰা মধ্যম৷ নতুন কামৰ সন্ধানত যোগাত্মক ফল৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৮৷
কুম্ভঃ মন প্রায় ভাল থাকিব৷ বিদ্যাত যত্ন ল’ব লাগিব৷ প্রাপ্তিৰ সামান্য আশা৷ বাহিৰা কামৰ বাবে সাময়িক বাধা৷ ৰাজনীতিকৰ সুযশ৷ শৰীৰ মধ্যম৷ শুভ ৰং গুলপীয়া৷ শুভ সংখ্যা ৫৷
মীনঃ পাৰিবাৰিক উন্নতিৰ কাৰণে চেষ্টা ৰাখক৷ মধ্যম দিনৰ ফল লাভ কৰিব৷ পিছবেলা কার্যকৰী দিশত আনন্দ৷ ব্যৱসায়ত মজলীয়া ফল পাব৷ প্রেমত মধ্যম৷ শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা ৮৷

You might also like