নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শীর্ষ বিষয়াৰ শ্রুতলিপিত মাতাল ৰাজকন্যাক এৰি দিছিল আৰক্ষীয়ে

মুখ্যমন্ত্রীৰ সকীয়নি–জামিন পালেই দিগদাৰ হ’ব পুলিচৰ

নিয়মীয়া বাৰ্তা ৫ অক্টোবৰঃ  গুৱাহাটীৰ জি এছ ৰোডত ১ অক্টোবৰৰ নিশা সুৰাৰ ৰাগিত মাতাল সুন্দৰী ৰাজকন্যা বৰুৱাই ৮জনকৈ শ্রমিকক মহটিয়াই নিয়াৰ পাছতো জামিন লাভ কৰাক লৈ সর্বত্র প্রতিক্রিয়া সৃষ্টি হৈছে৷ মাজনিশা মদমত্ত ৰাজকন্যাৰ এ এছ–০১ এ জি–২১৯৪ নম্বৰৰ বিলাসী বাহনখনে জি এছ ৰোডৰ ৰুক্মিণীগাঁৱত ৮জনকৈ শ্রমিকক মহটিয়াই নিয়াৰ পাছতো আৰক্ষীয়ে গ্রহণ কৰা নৰম স্থিতিৰ বাবেই আইনী সুৰুঙা লৈ অভিযুক্ত সুন্দৰী ৰাজকন্যাই জামিন লাভ কৰে৷ ৰাজকন্যাৰ জামিনৰ পাছতে ন্যায় বিচাৰি আজি শ্রমিকসকলে দিছপুৰ থানাত প্রতিবাদ সাব্যস্ত কৰে৷ লগতে এই সমগ্র ঘটনাৰ পুনৰ তদন্তৰ দাবী কৰে শ্রমিকসকলে৷

দিছপুৰ থানাত সোমবাৰে শ্রমিকসকলে ন্যায় বিচাৰি প্রতিবাদ সাব্যস্ত কৰাৰ পাছতে মহানগৰ আৰক্ষী আয়ুক্ত হৰমিট সিঙে উপ–পৰিদর্শক আভাৰাণী গগৈ আৰু যান–বাহন শাখাৰ উপ–পৰিদর্শক ছাহিৰ আলীক তৎকালে বলৱৎ হোৱাকৈ ৰিজার্ভ ক্ল’জ কৰে৷ দিছপুৰ থানাৰ এই দুগৰাকী বিষয়াক ৰিজার্ভ ক্ল’জ কৰাৰ পাছতেই ৰাজকন্যা বৰুৱাৰ লগত শীর্ষ আৰক্ষী বিষয়াৰ সু–সম্পর্ক থকা বুলি সর্বত্র চর্চা চলিছে৷ শীর্ষ আৰক্ষী বিষয়াৰ শ্রুতলিপিত দিছপুৰ থানাৰ বিষয়া দুগৰাকীয়ে ৰাজকন্যাৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰটোৰ ২৭৯/২৯৪/৩৩৮/৩৫৩ ধাৰা আৰোপ কৰিছিল৷ সান্ধ্য আইন উলংঘাৰে হোটেল তাজ ভিভাণ্টাত বার্থডে’ পার্টী কৰি সুৰাৰ ৰাগিত মাতাল হৈ ৮জনকৈ শ্রমিকক মহটিয়াই নিয়াৰ পাছতো ৰাজকন্যাৰ বিৰুদ্ধে আৰক্ষীয়ে ৰহস্যজনকভাৱে সান্ধ্য আইন উলংঘা কৰাৰ কোনো ধাৰা আৰোপ কৰা নাছিল৷ ক’ভিডকেন্দ্রিক পৰিস্থিতিৰ বাবে সান্ধ্য আইন চলি থকাৰ পাছতো পঞ্চতাৰকা হোটেলত মাজনিশালৈকে কিদৰে পার্টী চলিছিল, তাক লৈও আৰক্ষীয়ে কোনো ধৰণৰ তদন্তৰ ব্যৱস্থা নকৰিলে৷ ইয়াৰ উপৰি দুর্ঘটনা সংঘটিত কৰি আৰক্ষীক কর্তব্যত বাধা প্রদান কৰাৰ লগতে দুর্ব্যৱহাৰো কৰিছিল ৰাজকন্যাই৷

কেৱল এয়াই নহয়, নিজকে প্রভাৱশালী বুলি পৰিচয় দি হাতত ম’বাইলটো থকা হ’লে থানালৈ যাবলগীয়া নহ’লহেঁতেন বুলিও দাবী কৰিছিল৷ সুৰাৰ ৰাগিত মাতাল ৰাজকন্যাই কেনেদৰে আৰক্ষীক মেনেজ কৰিলে, তাক লৈও চর্চা চলিছে৷ ৮জনকৈ শ্রমিকক মহটিয়াই নিয়াৰ পাছতো শীর্ষ আৰক্ষী বিষয়াৰ হস্তক্ষেপত ৰাজকন্যাই জামিন লাভ কৰা বিষয়টো সন্দর্ভত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মায়ো প্রতিক্রিয়া প্রকাশ কৰিছে৷ আজি সাংবাদিকে সোধা এক প্রশ্ণৰ উত্তৰত মুখ্যমন্ত্রীগৰাকীয়ে কয় যে আৰক্ষীয়ে ব্যৱস্থা ল’ব লাগিব৷ জামিন পালে আৰক্ষীৰ দিগদাৰ হ’ব৷ এদিন, দুদিন, তিনি দিন অপেক্ষা কৰক৷ জামিন পালেই কাহিনীটো শেষ হৈ নাযায়৷

লক্ষণীয় যে নিজকে মডেল বুলি দাবী কৰা ৰাজকন্যাই এই ভয়াৱহ দুর্ঘটনাটো সংঘটিত কৰিও অনুশোচনাত দগ্ধ হোৱা নাই৷ ইয়াৰ পৰিৱর্তে ছ’চিয়েল মিডিয়াত তেওঁৰ বিৰুদ্ধে অপপ্রচাৰ চলোৱা বুলিহে দাবী কৰাৰ লগতে শ্রমিকসকলৰহে দোষ আছিল বুলি মন্তব্য কৰিছে৷ তদুপৰি তেওঁৰ বিৰুদ্ধে অপপ্রচাৰ চলোৱাসকলৰ বিৰুদ্ধে তেওঁ আইনী সহায় ল’ব বুলিও উল্লেখ কৰিছে৷ সান্ধ্য আইন উলংঘাৰে সুৰামত্ত হৈ ৰাজকন্যাই গাড়ী চলোৱা, কর্তব্যৰত আৰক্ষীক বাধা প্রদান কৰা, ৰাজহুৱা স্থানত আৰক্ষী আৰু শ্রমিকক দুর্ব্যৱহাৰ কৰাৰ পাছতো দিছপুৰ থানাৰ আৰক্ষীয়ে ৰাজকন্যাৰ বিৰুদ্ধে বহুকেইটা ধাৰা আৰোপ কৰা নাছিল৷ সুৰামত্ত হৈ গাড়ী চলোৱা ৰাজকন্যাৰ বিৰুদ্ধে আৰক্ষীয়ে আই পি চি ৩০৪ (এ) আৰু যান–বাহন আইনৰ ১৮৫ ধাৰা প্রয়োগ নকৰিলে৷ দিছপুৰ আৰক্ষীয়ে ৰাজকন্যাক ৰক্ষণাবেক্ষণ দিবলৈকে গুৰুতৰ অপৰাধ সংঘটিত কৰাৰ পাছতো বহুকেইটা ধাৰা আৰোপ নকৰা বিষয়টোৱে ব্যাপক প্রতিক্রিয়া সৃষ্টি কৰিছে৷ স্মর্তব্য যে দুর্ঘটনাটোত আহত হোৱা এজন শ্রমিকে চিৰজীৱনৰ বাবে দুয়োটা ভৰি হেৰুৱাই পংগুত্বক সাবটি ল’বলগীয়া হয়৷ আহত ৮গৰাকী শ্রমিকৰ ভিতৰত ২জনৰ পৰিচয় এতিয়াও আৰক্ষীয়ে লাভ কৰা নাই৷ ইফালে ৰাজকন্যাক কাইলৈৰ ভিতৰত দিছপুৰ থানাত হাজিৰ হোৱাৰ নির্দেশ জাৰি কৰে৷ সম্প্রতি ৰাজকন্যা জি এন আৰ চি হাস্পতালৰ আই চি ইউত চিকিৎসাধীন হৈ আছে৷

You might also like