নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছয়গাঁও আৰক্ষীৰ অভিযানঃ জালিয়াতিৰে চাকৰি লোৱা জোৰশিমুলীত ভুৱা শিক্ষক আটক

নিয়মীয়া বাৰ্তা, ৪ অক্টোবৰ: মাটিৰ দালাৰ পিছত এইবাৰ বক্ৰ পথেৰে চাকৰি লোৱা লোকৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে আৰক্ষীয়ে। জালিয়াতিৰে চাকৰি লোৱা ভূৱা শিক্ষকৰ বিৰুদ্ধে দক্ষিণ কামৰূপৰ গৰৈমাৰীত যোৱা নিশা ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত আৰক্ষীৰ এটি দলে অভিযান চলায়৷

আৰক্ষীৰ এই অভিযানত আটক হৈছে এজন ভূৱা শিক্ষক ৷ ঘটনাৰ বিৱৰণীত জানিব পৰা মতে, কামৰূপ জিলাৰ ছয়গাঁও আৰক্ষীয়ে নিশাৰ ভাগত চলাইছিল এই অভিযান ৷ অভিযান চলাই আটক কৰে জোৰশিমুলীৰ ভূৱা টেট শিক্ষক হায়েত আলী। পুনৰ আৰু কেবাজনো জালিয়াতিৰে চাকৰি লোৱা ব্যক্তি আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা।

You might also like