নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২–১৮ বছৰীয়াক ভেকচিন প্রদানত অনুমতি

শাৰদোৎসৱৰ মাজতে আহিল বহু প্রত্যাশিত সুখবৰ

নিয়মীয়া বাৰ্তা ১৩ অক্টোবৰঃ শাৰদীয় উৎসৱৰ বতৰত দেশবাসীৰ বাবে সুখবৰ৷ দুর্গোৎসৱৰ উলহ–মালহৰ সময়তে ভাৰত বায়’টেকৰ ক’ভিড–১৯ ভেকচিন ক’ভাক্সিন ২–১৮ বছৰীয়াক জৰুৰীকালীন ব্যৱহাৰত অনুমতি দিছে চেণ্ট্ৰল ড্রাগ্ অথৰিটীৰ বিষয় বিশেষজ্ঞ কমিটীয়ে৷ দেশত প্রথমবাৰৰ বাবে দুবছৰীয়া শিশুৰ পৰা ১৮ বছৰলৈকে নির্দিষ্ট চর্তসাপেক্ষে ক’ভাক্সিন জৰুৰীকালীন ব্যৱহাৰত বিষয় বিশেষজ্ঞ কমিটীয়ে অনুমতি প্রদান কৰি চূড়ান্ত অনুমোদনৰ বাবে ড্রাগ্ছ কণ্ড্র’লাৰ জেনেৰেল অৱ ইণ্ডিয়া চমুকৈ ডিচিজিআইলৈ প্রেৰণ কৰিছে৷ শীঘ্রেই ডিচিজিআয়ে চূড়ান্ত অনুমোদন জনোৱাৰ লগে লগে চলিত মাহৰ পৰাই ২–১৮ বছৰীয়াক ক’ভাক্সিন প্রদান প্রক্রিয়া আৰম্ভ হোৱাটো নিশ্চিত বুলি প্রকাশ পাইছে৷

উল্লেখ্য যে হায়দৰাবাদস্থিত ভাৰত বায়’টেকে ক’ভিড ভেকচিন ক’ভাক্সিন ২–১৮ বছৰীয়াৰ মাজত দ্বিতীয় আৰু তৃতীয় পর্যায়ৰ পৰীক্ষণ সমাপ্ত কৰি চেণ্ড্রেল ড্রাগ্ছ ষ্টেণ্ডার্ড কণ্ড্র’ল অর্গেনাইজেচন চমুকৈ চিডিএছচি’লৈ তথ্য সত্যাসত্য প্রমাণৰ বাবে প্রেৰণ কৰে আৰু জৰুৰীকালীন ব্যৱহাৰৰ অনুমতি বিচাৰে৷ ইয়াৰ পিছতেই চিডিএছচি’ৰ অধীনৰ বিষয় বিশেষজ্ঞ কমিটী (চেক)–য়ে ভাৰত বায়’টেকৰ তথ্য পৰীক্ষণ কৰে আৰু জৰুৰীকালীন ব্যৱহাৰত অনুমতি প্রদান কৰে৷ অৱশ্যে এই জৰুৰীকালীন ব্যৱহাৰ নির্দিষ্ট চর্তসাপেক্ষ সংৰক্ষিত ৰূপত থাকিব৷

মন কৰিবলগীয়া যে বিশ্ব স্বাস্থ্য সংস্থাই ভাৰত বায়’টেকৰ প্রাপ্তবয়স্কৰ বাবে ক’ভাক্সিন জৰুৰীকালীন ব্যৱহাৰত এতিয়াও আনুষ্ঠানিকভাৱে অনুমোদন জনোৱা নাই৷ বিশ্ব স্বাস্থ্য সংস্থাৰ অনুমোদন অবিহনে ইতিমধ্যে ক’ভাক্সিন ভাৰতৰ প্রাপ্তবয়স্ক লোকক প্রদান কৰি থকা হৈছে৷ ভাৰত বায়’টেকে ক’ভাক্সিন সম্পর্কীয় সকলো তথ্য প্রেৰণ কৰাৰ পিছত যোৱা ২৭ ছেপ্টেম্বৰত পুনৰ বিশ্ব স্বাস্থ্য সংস্থাক ক’ভাক্সিন জৰুৰীকালীন ব্যৱহাৰত অনুমোদন জনাবলৈ অনুৰোধ জনাইছে৷ তাৎপর্যপূর্ণ যে ক’ভাক্সিন হৈছে ভাৰতত জৰুৰীকালীন ব্যৱহাৰত অনুমতি দিয়া ষষ্ঠটো ভেকচিন৷

You might also like