নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোচৰ ৰুজুৰ পিছত গ্ৰেটাৰ টুইটঃ ভাবুকিৰে কৃষক সমৰ্থনৰ পৰা বিচ্যুত কৰিব নোৱাৰে

নিয়মীয়া বাৰ্তা, ৪ ফেব্ৰুৱাৰীঃ কৃষক আন্দোলনকাৰীৰ সৈতে একলগ হৈ আছো বুলি টুইট কৰি ভাৰতৰ কৃষক আন্দোলনৰ সৈতে যুক্ত হোৱা জলবায়ু ৰক্ষা আন্দোলনৰ সক্ৰিয় কৰ্মী গ্ৰেটা থুনবাৰ্গৰ বিৰুদ্ধে আজি দিল্লী আৰক্ষীয়ে ৰুজু কৰিছিল গোচৰ।

গোচৰ ৰুজুৰ কেইঘণ্টামান পিছতে ১৮ বছৰীয়া গ্ৰেটাই পুনৰ কৰে টুইট। টুইটত লিখে- ‘মই এতিয়াও কৃষকৰ সমৰ্থনত থিয় হৈ আছো আৰু ঘৃণা, ভাবুকি বা মানৱাধিকাৰ উলংঘনে এই স্থিতি পৰিৱৰ্তিত কৰিব নোৱাৰে।’

You might also like