নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এন পি আৰ ২০২০ঃ ৰাষ্ট্রপতি হ’ব পাৰে প্রথম ভাৰতীয় নাগৰিক

নিয়মীয়া বাৰ্তা, ১২ ফেব্ৰুৱাৰীঃ অহা ১ এপ্রিলৰ পৰা দেশজুৰি আৰম্ভ হ’ব লগা ৰাষ্ট্রীয় জনসংখ্যা পঞ্জী চমুকৈ এন পি আৰত প্রথমজন ভাৰতীয় নাগৰিক হিচাপে ৰাষ্ট্রপতি ৰামনাথ কোৱিন্দৰ নাম অন্তর্ভুক্ত হ’ব পাৰে৷ নাম প্রকাশত অনিচ্ছুক এজন বিষয়াই এই কথা প্রকাশ কৰিছে৷ এন পি আৰ সন্দর্ভত অৱশ্যে ৰাষ্ট্রপতি ভৱনৰ পৰাও কোনোধৰণৰ মন্তব্য এতিয়ালৈকে অহা নাই৷ এন পি আৰত ৰাষ্ট্রপতিৰ নাম প্রথম অন্তর্ভুক্ত হোৱাটো কোনো নতুন কথা নহয় আৰু এই লৈ বিতর্ক হোৱাটো উচিত নহয় বুলিও সূত্রটোৱে জানিবলৈ দিয়ে৷ উল্লেখ্য যে এন পি আৰৰ ডাটাবেছ ২০১০ চনত সৃষ্টি কৰা হৈছিল আৰু ২০১৫–১৬ চনত ইয়াক উন্নীত কৰা হয়৷

You might also like