নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আদানি গ্রুপলৈ সকাহ: প্রাৰম্ভিক তদন্তত ষ্টকৰ ক্ষেত্রত নিয়ম উলংঘন কৰা নাই

  • উচ্চতম ন্যায়ালয়ৰ নিযুক্ত কমিটীৰ ক্লীনশ্বিট আদানি গ্রুপক

নিয়মীয়া বাৰ্তা, ২০ মে’: অর্থনৈতিক কেলেংকাৰিক লৈ বহু বিতর্কত সোমাই পৰা আদানি গ্রুপলৈ সকাহ উচ্চতম ন্যায়ালয়ৰ দ্বাৰা নিযুক্ত কমিটীৰ৷ প্রাৰম্ভিক তদন্তত ষ্টকৰ ক্ষেত্রত আদানি গ্রুপে নিয়ম উলংঘন কৰা নাই বুলি উচ্চতম ন্যায়ালয়ৰ দ্বাৰা নিযুক্ত কমিটীখনে আজি প্রতিবেদনত উল্লেখ কৰে৷ ইয়াৰ লগে লগে অর্থনৈতিক কেলেংকাৰিত সাঙোৰ খাই পৰা আদানি গ্রুপৰ বাবে এক সকাহ৷ আমেৰিকা যুক্তৰাষ্ট্রস্থিত বিনিয়োগ সংস্থা হিণ্ডেনবার্গ ৰিচার্ছে ভাৰতীয় উদ্যোগপতি গৌতম আদানিৰ কোম্পানী আদানি গ্রুপে শ্বেয়াৰ বজাৰত জালিয়াতিকে ধৰি বিভিন্ন অর্থনৈতিক কেলেংকাৰি সংঘটিত কৰা বুলি প্রতিবেদন দাখিল কৰাৰ পিছতেই দেশৰ লগতে বিশ্বজুৰি আদানি গ্রুপক লৈ তীব্র প্রতিক্রিয়াৰ সৃষ্টি হয়৷ দেশৰ বিৰোধী দলসমূহে আদানি গ্রুপৰ অর্থনৈতিক কেলেংকাৰিৰ তদন্তৰ দাবী সদনৰ মজিয়াত সজোৰে উত্থাপন কৰাৰ সমান্তৰালকৈ সদনৰ বাহিৰতো তীব্র প্রতিবাদ সাব্যস্ত কৰাৰ প্রতি লক্ষ্য ৰাখি উচ্চতম ন্যায়ালয়ে আদানি গ্রুপৰ ষ্টক জালিয়াতি সন্দর্ভত তদন্তৰ বাবে কমিটী গঠন কৰি দিয়ে৷ এই কমিটীখনে তদন্ত চলাই হিণ্ডেনবার্গ ৰিচার্ছ প্রতিবেদনত উল্লেখ কৰাৰ দৰে আদানি গ্রুপে ষ্টক মূল্যৰ জালিয়াতি কৰাৰ কোনো অভিযোগ সম্ভৱ নহয় বুলি মত দিছে৷ উচ্চতম ন্যায়ালয়ৰ কমিটীখনৰ মতে, আদানি গ্রুপে সকলো লাভাৱান্বিত স্বত্বাধিকাৰীৰ তথ্য বিতংভাৱে প্রকাশ কৰিছে৷ হিণ্ডেনবার্গ প্রতিবেদনৰ পিছত আদানি গ্রুপৰ খুচুৰা অংশীদাৰিত্ব বৃদ্ধি পাইছে৷ হিণ্ডেনবার্গে প্রকাশ কৰা হ্রস্বকালীন সময়ৰ বাবে ষ্টক বিক্রী কৰাৰ তথ্যটি তদন্ত কৰিবলগীয়া প্রাৰম্ভিক তদন্তত দেশৰ চলিত নীতি অথবা আইন উলংঘনৰ কোনো তথ্য নাই৷ ছেবিৰ হাতত প্রতিবেদনত উল্লেখ কৰাৰ দৰে ১২ বিদেশী কোম্পানীৰ কোনো তথ্য কমিটীয়ে লাভ কৰা নাই৷ ছেবিয়ে ইডিলৈ এই প্রসংগটো আগবঢ়াই দিছে যদিও প্রাৰম্ভিক পর্যায়ৰ গোচৰ ৰুজু কৰা নাই৷ ভাৰতীয় শ্বেয়াৰ বজাৰত অঘটন নঘটাকৈ আদানি গ্রুপে নতুন মূল্য নির্ধাৰণেৰে ষ্টক সুস্থিৰ কৰি তুলিবলৈ সক্ষম হৈছে৷ প্রতিবেদনত আদানি গ্রুপে নীতি কিম্বা আইন উলংঘন কৰা নাই বুলি উচ্চতম ন্যায়ালয়ৰ কমিটীয়ে ক্লীনশ্বিট দিলেও কিছু কিছু ক্ষেত্রত তদন্তৰ প্রয়োজন আছে বুলি উল্লেখ কৰিছে৷ মন কৰিবলগীয়া যে হিণ্ডেনবার্গে আদানি গ্রুপৰ অর্থনৈতিক কেলেংকাৰি প্রতিবেদন আকাৰে প্রচাৰ কৰাৰ পিছতেই ভাৰতীয় শ্বেয়াৰ বজাৰত আদানি গ্রুপৰ বৃহৎ লোকচান হয়৷ ১৫ দিনৰ ভিতৰত আদানি গ্রুপে ১০০ বিলিয়ন মার্কিন ডলাৰ লোকচানৰ সন্মুখীন হয়৷ তদুপৰি বিশ্বৰ ধনাঢ়্য ব্যক্তিৰ ২৫টা স্থানৰ ভিতৰৰ পৰা বাহিৰ হয় আদানি গ্রুপ৷ অর্থাৎ আদানি সাম্রাজ্যত বৃহৎ খহনীয়া হয়৷ উচ্চতম ন্যায়ালয়ৰ কমিটীয়ে আদানি গ্রুপে ষ্টক সন্দর্ভত নীতি উলংঘন কৰা নাই বুলি ক্লীশ্বিট দিয়াৰ পিছত আদানি গ্রুপৰ সাম্রাজ্য পুনৰ উজ্জীৱিত হৈ উঠিবনে, সেয়া গুৰুত্বপূর্ণ প্রশ্ণ৷

You might also like