নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্রিজভূষণৰ শাস্তি নহ’লে চৰকাৰী সন্মান ওভতাই দিয়াৰ হুংকাৰ ৰেষ্টলাৰৰ

নিয়মীয়া বাৰ্তা, ২০ মে’: দীর্ঘদিনীয়া ধর্ণা, আদালতৰ হস্তক্ষেপেও প্রভাৱ পেলাব পৰা নাই ৰেষ্টলাৰসকলৰ আন্দোলনত৷ মুকলি আকাশৰ তলত ঘূৰি ফুৰিছে ব্রিজভূষণ চৰণ সিং৷ অৱশেষত তদন্তকাৰী বিষয়াসকলৰ ওপৰত বিৰক্ত হৈ কেন্দ্রীয় চৰকাৰে দিয়া সকলো সন্মান ওভতাই দিয়াৰ হুংকাৰ দিছে সাক্ষী মালিক, ভিনেশ ফ’গাট, বজৰং পুনিয়াহঁতে৷ এক সূত্রৰ খবৰ অনুসৰি তদন্তকাৰী বিষয়াসকলে নির্যাতিতাসকলৰ পৰা তেওঁলোকৰ অভিযোগৰ প্রমাণ হিচাপে ভিডি’ আৰু অডি’ ক্লিপ আৰু ছবি বিচাৰিছে৷ এই কার্যত যথেষ্ট ক্ষুব্ধ হৈ পৰিছে ৰেষ্টলাৰসকল৷ তেওঁলোকৰ বক্তব্য এই যে কাৰোবাৰ ওপৰত যৌন নির্যাতন হ’লে তেতিয়া ৰেকর্ড কৰি ৰাখে নেকি? যন্তৰ মন্তৰত আন্দোলনত বহা ৰেষ্টলাৰসকলে আন এক চাঞ্চল্যকৰ দাবী কৰিছে৷ তেওঁলোকে জানিবলৈ দিয়ে যে তদন্তকাৰী বিষয়াসকলৰ এজনে হেনো কৈছে যে কোনো পিতৃয়ে যিদৰে সন্তানৰ গাত হাত দিয়ে, ভাৰতীয় ৰেষ্টলিং ফেডাৰেচনৰ সভাপতি ব্রিজভূষণ চৰণ সিঙেও একেদৰেই গাত হাত দিব পাৰে৷ এনে ধৰণৰ বক্তব্যৰ পিছত পুনৰ ৰেষ্টলাৰসকলে জনায় যে যিদৰে তদন্ত চলিছে তাৰ ওপৰত তেওঁলোকৰ কোনো ভৰসা নাই৷ সাক্ষী, ভিনেশহঁতে অভিযোগ কৰিছে যে যিকেইগৰাকী নাবালিকাই ব্রিজভূষণৰ বিৰুদ্ধে অভিযোগ আনিছে তেওঁলোকৰ পৰিয়ালক ভাবুকি দিয়া হৈছে৷ তেওঁলোকে যিখন স্কুলত পঢ়া–শুনা কৰে তাতেও তেওঁলোকৰ জন্মৰ তাৰিখ সলনি কৰি প্রাপ্তবয়স্ক বুলি প্রমাণ কৰাৰ চেষ্টা চলোৱা হৈছে৷

You might also like