নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১০০ ঘণ্টাত নির্মাণ সম্পূর্ণ গাজীয়াবাদ–আলীগড় এক্সপ্রেছ ৱে’ৰ ১০০ কিলোমিটাৰ পথ

  • পথ নির্মাণত ভাৰতে অভিলেখ গঢ়িলে
  • ১০০ ঘণ্টাত নির্মাণ সম্পূর্ণ গাজীয়াবাদ–আলীগড় এক্সপ্রেছ ৱে’ৰ ১০০ কিলোমিটাৰ পথ

নিয়মীয়া বাৰ্তা, ২০ মে’: নির্ধাৰিত সময়তকৈ পূর্বেই নহয়, অতি কম সময়তে পথ নির্মাণ কৰি ইতিমধ্যে কেইবাটাও অভিলেখ গঢ়া ভাৰতে আন এটি পথ নির্মাণৰ অভিলেখ গঢ়িলে৷ উত্তৰ প্রদেশৰ গাজিয়াবাদ–আলিগড় এক্সপ্রেছ ৱে’ৰ ১০০ কিলোমিটাৰ পথ মাত্র ১০০ ঘণ্টাতেই বিটুমিনাছ কংক্রিটেৰে নির্মাণ কৰি অভিলেখ গঢ়ে ভাৰতে৷ ইয়াৰ পূর্বে ৭৫ কিলোমিটাৰ পথ ১০৫ ঘণ্টা ৩১ মিনিটত নির্মাণ কৰি গীনিজ ৱর্ল্ড ৰেকর্ডৰ গৰাকী হোৱা দেশৰ ঘাইপথ মন্ত্রালয়ে গাজিয়াবাদ এক্সপ্রেছ ৱে’ৰ ১০০ কিলোমিটাৰ ১০০ ঘণ্টাতে নির্মাণ সম্পূর্ণ কৰি নতুন অভিলেখ স্থাপন কৰিলে৷ কেন্দ্রীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্রীনীতিন গাডকাৰিয়ে দেশৰ বাবে গৌৰৱৰ এই ক্ষণটি আনুষ্ঠানিকভাৱে ঘোষণা কৰে৷ কেন্দ্রীয় মন্ত্রী গাডকাৰিয়ে কয় যে আজি দেশৰ বাবে এক গৌৰৱৰ মুহূর্ত, গাজিয়াবাদ আলিগড় হাইৱে’য়ে এক যুগান্তকাৰী কৃতিত্বৰে ইতিহাস গঢ়িলে৷ অভাৱনীয় ১০০ ঘণ্টাৰ ভিতৰতে পথটোৰ ১০০ কিলোমিটাৰ দূৰত্ব বিটুমিনাছ কংক্রিটেৰে সাজি উলিয়ালে৷ দেশৰ পথ নির্মাণ উদ্যোগৰ উদ্যম আৰু উৎসর্গিত মনৰ বাবেই এয়া সম্ভৱ হৈ উঠিছে৷ অভিলেখ গঢ়া ব্যতিক্রমী দলটোৰ কিউব হাইৱেইজ, এলএণ্ডটি আৰু গাজিয়াবাদ আলিগড় এক্সপ্রেছ ৱে’ প্রাইভেট লিমিটেডক অভিনন্দন জনায়৷ উল্লেখ্য যে গাজিয়াবাদ–আলিগড় এক্সপ্রেছ ৱে’ৰ এনএইচ–৩৪ৰ অংশটি ১১৮ কিলোমিটাৰ দৈর্ঘ্যৰ৷ এই পথটোৰে গাজিয়াবাদ, আলিগড় অঞ্চলৰ জনবহুল অঞ্চলটোৰ মাজত পৰিবহণৰ গুৰুত্বপূর্ণ ভূমিকা ল’ব৷ প্রকল্পটি উত্তৰ প্রদেশৰ দাদৰি, গৌতমবুদ্ধ নগৰ, চিকন্দ্রাবাদ, বুলন্দ চহৰ আৰু খুৰজাক সাঙুৰি আছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বত চৰকাৰখনে বিশ্বমানৰ ঘাইপথ নির্মাণেৰে দেশৰ জনগণক ব্যতিক্রমী সুবিধা প্রদানৰ সুনিশ্চয়তা দি আহিছে বুলি কয় কেন্দ্রীয় মন্ত্রীগৰাকীয়ে৷

You might also like