নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমদানিকৃত কমলাৰ ট্রাকত ১,৪৭৬ কোটিৰ ড্রাগ্ছ

নিয়মীয়া বাৰ্তা, ২অক্টোবৰ: মায়ানগৰী মুম্বাইত নিষিদ্ধ ড্রাগ্ছৰ বিৰুদ্ধে কেন্দ্রীয় তদন্তকাৰী সংস্থাসমূহৰ অভিযান অব্যাহত আছে৷ গোপন সূত্রৰ পম খেদি ইতিমধ্যে মহাৰাষ্ট্রৰ বিভিন্ন প্রান্তত, বিশেষকৈ বাণিজ্যিক ৰাজধানীখ্যাত মুম্বাইত কেইবাহাজাৰ কোটি টকাৰ নিষিদ্ধ ড্রাগ্ছ জব্দ কৰাৰ পিছত আজি পুনৰ ডাইৰেক্টৰেট অৱ ৰেভিনিউ ইণ্টেলিজেঞ্চৰ দলে ১,৪৭৬ কোটি টকাৰ নিষিদ্ধ ড্রাগ্ছ জব্দ কৰিবলৈ সক্ষম হৈছে৷

ডাইৰেক্টৰেট অৱ ৰেভিনিউ ইণ্টেলিজেঞ্চৰ তথ্যত প্রকাশ পোৱা মতে, মুম্বাইৰ বাছিত সংস্থাটোৰ এটা দলে ৰাজপথত ট্রাক এখনত তালাচী চলাই ১,৪৭৬ কোটি টকাৰ মেথামপেটামিন আৰু কোকেইন জব্দ কৰিবলৈ সক্ষম হৈছে৷ আমদানিকৃত কমলাভর্তি ট্রাকত সংস্থাটোৱে ১৯৮ কিলোগ্রামৰ মেটামপেটামিন আৰু ৯ কিলোগ্রাম কোকেইন উদ্ধাৰ কৰে৷ ভেলেঞ্চিয়া কমলাৰ কার্টনত এই নিষিদ্ধ ড্রাগ্ছখিনি লুকাই আনিছিল৷ ট্রাকখনৰ চালকৰ সৈতে কমলাৰ সৰবৰাহকাৰীক সংস্থাটোৱে গ্রেপ্তাৰ কৰিছে৷ গ্রেপ্তাৰ কৰা সৰবৰাহকাৰী ব্যক্তিজনক সংস্থাটোৰ শীর্ষ বিষয়াই সোধা–পোছা কৰি আছে৷

উল্লেখ্য যে ড্রাগ্ছবিৰোধী সংস্থা এনচিবিয়ে দেশৰ বিভিন্ন প্রান্তৰ পৰা মুম্বাইলৈ বিভিন্ন পথেৰে নিষিদ্ধ ড্রাগ্ছ সৰবৰাহ কৰি থকা তথ্য পোহৰলৈ অহাৰ পিছতে কেন্দ্রীয় তদন্তকাৰী সংস্থাসমূহে অভিযান আৰম্ভ কৰিছে৷ এনচিবিৰ মুম্বাইৰ শাখাই অলপতে ১৩ কোটি টকাৰ কোকেইনসহ ব্যক্তি এজনক গ্রেপ্তাৰ কৰিছিল৷ এনেধৰণৰ ব্লেক কোকেইন প্রথমবাৰৰ বাবে ভাৰতত জব্দ কৰিবলৈ সক্ষম হৈছে৷ তাৎপর্যপূর্ণ যে ব্লেক কোকেইন স্কেনিঙৰ সময়ত ধৰা নপৰে৷ ঠিক তেনেদৰে স্নিফাৰ ডগেও চিনাক্ত কৰিব নোৱাৰে৷ এনে ক্ষণত ব্লেক কোকেইনৰ সৰবৰাহক লৈ কেন্দ্রীয় তদন্তকাৰী সংস্থাসমূহ অধিক সতর্ক হ’বলগীয়া হৈছে৷

You might also like