নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি মহাসপ্তমীঃ দুৰ্গোৎসৱৰ উন্মাদনাত উদ্বেলিত ৰাজ্য

আমন্ত্ৰণ-অধিবাসেৰে ষষ্ঠিৰ বেদীত প্ৰতিষ্ঠা দেৱীক

নিয়মীয়া বাৰ্তা, ২অক্টোবৰ: ‘মধুকৈটভবিধ্বংসী বিধাতূ–বৰদে নমঃ৷ ৰূপং দেহি জয়ং দেহি যশো দেহি দ্বিষো জহি৷৷’ শৰতৰ জোনাক বিঢ়ৌত সন্ধিয়া পূজাৰীৰ মন্ত্রোচাৰণ, আয়তীৰ উৰুলি, ঢাক–ঢোল, দবা–কাঁহ–শংখ ধ্বনিৰ সুললিত সমলয়ত আমন্ত্রণ আৰু অধিবাসেৰে ষষ্ঠীৰ বেদীত প্রাণ পালে দেৱীয়ে৷ বেদীত দেৱী প্রতিষ্ঠাৰ লগে লগে ভক্তগণৰ অধীৰ অপেক্ষাৰ অন্ত পেলাই ভগৱান শ্রীৰামচন্দ্রই ত্রেতা যুগত অকাল বোধনেৰে সূচনা কৰিছিল শাৰদীয় দুর্গাপূজাৰ৷ সমগ্র ৰাজ্যতে এতিয়া উদ্বেলিত হৈ পৰিছে শক্তিৰ অধিষ্ঠাত্রী দেৱী দুর্গাৰ পূজা–র্চনাক লৈ ভক্তপ্রাণ জনতাৰ উন্মাদনাত৷ ষষ্ঠীৰ প্রাক সন্ধিয়াৰ পৰাই পূজা মণ্ডপসমূহত মহিষমর্দিনীৰ আশিস ল’বলৈ ভক্তৰ সমাগম ঘটা পৰিলক্ষিত হয়৷ উপস্থিতসকলে যোগ দিয়ে দুর্গতিনাশিনীৰ বিল্ব বোধন বা বেলবৰণ অনুষ্ঠানত৷ ইয়াৰ পূর্বে ষষ্ঠীৰ দিনটোৰ পুৱাৰ ভাগত সম্পন্ন হয় ষষ্ঠাদিকল্পাৰম্ভ আৰু ষষ্ঠীবিহিত পূজা প্রশস্তা৷

শাৰদীয় দুর্গোৎসৱৰ আজি মহাসপ্তমী৷ ‘কালপুৰুষ পূর্ণাংগ পঞ্জিকা’ত উল্লেখ থকা অনুসৰি পুৱা ৮ বাজি ৫৮ মিনিট ৪২ ছেকেণ্ডৰ ভিতৰত দেৱীৰ নৱপত্রিকা প্রৱেশ, স্থাপন আৰু সপ্তমাদি কল্পাৰম্ভ তথা সপ্তমীবিহিত পূজাৰম্ভ৷ সেইদৰে নিশা ১০ বাজি ৪৯ মিনিট ৩৬ ছেকেণ্ডৰ পৰা ১১ বাজি ৩৭ মিনিট ৩৬ ছেকেণ্ডৰ ভিতৰত দেৱীৰ অর্ধৰাত্রবিহিত পূজা৷ সমাজৰ অসূয়া–প্রীতি, মাৰিমৰক দুর্যোগ বিভীষিকা নাশ কৰি শান্তি আৰু সমৃদ্ধিৰ প্রার্থনাৰে আজি মহাসপ্তমীৰ দিনটোত মহিষমর্দিনীৰ শ্রীচৰণত ভক্তসকলে আগবঢ়াব পূজা–অর্চনা৷

You might also like