নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ প্রদেশত মঞ্চতে বিজেপি বিধায়কক চৰ বৃদ্ধ কৃষকৰ

নিয়মীয়া বাৰ্তা, ৯ জানুৱাৰীঃ মঞ্চত বিজেপি বিধায়ক৷ মূর্তি উদ্বোধন কৰিব৷ সন্মুখত কর্মী–সমর্থসকলৰ্ সমাৱেশ৷ হঠাতে বিধায়কৰ সন্মুখত উপস্থিত হ’ল এজন বৃদ্ধ৷ বিধায়কে ভাবিছিল তেওঁক কিবা কথা কোৱাৰ বাবে বৃদ্ধই মঞ্চলৈ উঠি আহিছে৷ কিন্তু বিধায়কে থিয় দিবলৈ লওঁতেই বৃদ্ধই বিধায়কৰ গালত দিলে পূর্ণহতীয়া এটা চৰ৷ হঠাতে ঘটি যোৱা এনে ঘটনাত অপ্রস্তুত হৈ পৰে বিধায়ক৷ অস্বস্তিত পৰে আয়োজকসকলো৷ তৎক্ষণাত কেইজনমান দলীয় কর্মীয়ে আহি বৃদ্ধক মঞ্চৰ পৰা নমাই লৈ যায়৷ মাত্র ২১ ছেকেণ্ডৰ এই ঘটনাৰ ভিডি’ ক্লিপে এতিয়া ছ’চিয়েল মিডিয়াত জ্বৰ তুলিছে৷ উত্তৰ প্রদেশৰ ৰাজনীতিলৈও এই ভিডি’ই কঢ়িয়াই আনিছে গৰম বতাহ৷ এই ভিডি’ক হাতিয়াৰ হিচাপে লৈয়েই আগন্তুক নির্বাচনত প্রতিদ্বন্দ্বিতাত নামিবলৈ সংকল্প লৈছে বিৰোধীসকলে৷ ঘটনাটো তিনি দিন পূর্বৰ৷ উন্নাওৰ বিজেপি বিধায়ক পংকজ গুপ্তই নিজৰ বিধানসভা সমষ্টিত এটা মূর্তি উন্মোচনৰ অনুষ্ঠানলৈ গৈছিল৷ তাতেই সংঘটিত হ’ল এই অভাৱনীয় ঘটনা৷ বৃদ্ধ এজন কৃষক৷ কিন্তু কিয় তেওঁ এনে কাম কৰিলে সেই ৰহস্যৰ সমাধান এতিয়াও ওলোৱা নাই৷ বিৰোধী নেতা অখিলেখ যাদৱে এয়া যোগী আদিত্যনাথ চৰকাৰৰ গালত চৰ বুলি উল্লেখ কৰাৰ বিপৰীতে বিধায়ক গুপ্তই পিতৃসদৃশ বয়োজ্যেষ্ঠ লোকৰ পৰা পোৱা সস্নেহ চাপৰ বুলি ইয়াক আখ্যা দিছে৷

You might also like