নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰাখণ্ডৰ ৩৬খন সেতুৰ অৱস্থা সংকটজনক

নিয়মীয়া বাৰ্তা, ২৩নৱেম্বৰ: গুজৰাটৰ মোৰবিৰ ওলমা সেতু ভাঙি প্রায় ডেৰশ লোকৰ মৃত্যু হোৱা ঘটনাক লৈ দেশজুৰি চাঞ্চল্যৰ সৃষ্টি হোৱাৰ সময়তে উত্তৰাখণ্ডৰ দেৰাদুন অঞ্চলৰ ৩৬খন সেতু সংকটজনক পৰিস্থিতিত থকা বুলি উত্তৰাখণ্ড পৌৰ বিভাগৰ তৰফৰ সমীক্ষাত প্রকাশ পাইছে৷ যিকোনো মুহূর্ততে এই সেতুবোৰ ভাগি পৰিব পাৰে বুলি ইতিমধ্যে সমীক্ষাত উল্লেখ কৰা হৈছে৷ সম্প্রতি উত্তৰাখণ্ডৰ মুখ্যমন্ত্রী পুষ্কৰ সিং ধামীৰ নির্দেশমর্মে ৰাজ্যৰ পাঁচটা অঞ্চলৰ সেতুবোৰ কেনে অৱস্থাত আছে তাক লৈ সমীক্ষা চলোৱা হৈছিল৷ সমীক্ষা অনুসৰি ৩৬খন সেতু অতি সংকটজনক অৱস্থাত আছে যদিও কোনোধৰণৰ মেৰামতিৰ কাম আজিলৈকে কৰা হোৱা নাই৷

You might also like