নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাষ্ট্রসংঘৰ পৰিৱেশ কার্যসূচী (ইউএনইপি)ৰ চেম্পিয়ন অৱ দ্য আর্থ–২০২২ বঁটা লাভ পূর্ণিমা দেৱী বর্মনৰ

  • অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে গ্রীন অস্কাৰ বিজয়ী ড০ পূর্ণিমা দেৱী বর্মনে
  • ৰাষ্ট্রসংঘৰ পৰিৱেশ কার্যসূচী (ইউএনইপি)ৰ চেম্পিয়ন অৱ দ্য আর্থ–২০২২ বঁটা লাভ কৰিলে বর্মনে
  • বিৰল প্রজাতিৰ হাড়গিলা সংৰক্ষণৰ বাবে বন্যপ্রাণী জীৱ বিজ্ঞানী ড০ বর্মনলৈ এই স্বীকৃতি

 

নিয়মীয়া বাৰ্তা, ২৩নৱেম্বৰ: অসমবাসীৰ বাবে এক সু–সংবাদ৷ ৰাজ্যবাসীলৈ গৌৰৱ কঢ়িয়াই আনিলে গ্রীন অস্কাৰ বিজয়ী বন্যপ্রাণী জীৱ বিজ্ঞানী ড০ পূর্ণিমা দেৱী বর্মনে৷ ৰাষ্ট্রসংঘৰ পৰিৱেশমূলক সর্বোচ্চ সন্মান চেম্পিয়ন অৱ দ্য আর্থ–২০২২ বঁটা লাভ কৰিলে অসম জীয়ৰী ড০ পূর্ণিমা দেৱী বর্মনে৷ ৰাষ্ট্রসংঘৰ পৰিৱেশ কার্যসূচী (এ ই এন ই পি)ৰ চেম্পিয়ন অৱ দ্য আর্থ–২০২২ বঁটাটো ড০ পূর্ণিমা দেৱী বর্মনলৈ আগবঢ়োৱা বুলি আজি আনুষ্ঠানিকভাৱে ইউ এন ই পিৰ বিবৃতিত প্রকাশ কৰা হৈছে৷ ইউ এন ই পিৰ চেম্পিয়ন অৱ দ্য আর্থ বঁটাটি ‘এনট্রিপিউনেৰেল ভিজন’ শিতানত ড০ বর্মনলৈ আগবঢ়োৱা বুলি বিবৃতিত প্রকাশ কৰা হৈছে৷ বন্যপ্রাণী জীৱ বিজ্ঞানী ড০ বর্মনে অসমৰ দদৰাত হাড়গিলা আর্মী গঠনেৰে বিৰল প্রজাতিৰ হাড়গিলাক সংৰক্ষণ কৰাই নহয়, বিলুপ্তিৰ পৰা ৰক্ষা কৰাৰ বাবে ইতিপূর্বে দেশ–বিদেশত অনেক ৰাষ্ট্রীয় সন্মানেৰে বিভূষিত হোৱাৰ পাছত ৰাষ্ট্রসংঘৰ পৰিৱেশমূলক সর্বোচ্চ সন্মান চেম্পিয়ন অৱ দ্য আর্থ লাভ কৰি অসমলৈ বিৰল সন্মান কঢ়িয়াই আনিলে৷ ২০০৫ চনৰে পৰা প্রাকৃতিক বিশ্বক সুৰক্ষিত কৰি ৰখাৰ বাবে অহোপুৰুষার্থ কৰি অনবদ্য অৱদান আগবঢ়োৱা বিশ্বৰ প্রকৃতিপ্রেমী জীৱ বিজ্ঞানী ইউ এন ই পিয়ে চেম্পিয়ন অৱ দ্য আর্থ বঁটাৰ লগতে আন কেইবাটাও বঁটা প্রদান কৰি আহিছে৷ অসম জীয়ৰী গ্রীন অস্কাৰ বিজয়ী ড০ বর্মনে পৰিৱেশমূলক ৰাষ্ট্রসংঘৰ সর্বোচ্চ সন্মান লাভ কৰাৰ পূর্বে বিৰল প্রজাতিৰ হাড়গিলা সংৰক্ষণৰ বাবে হুইটলী বঁটা লাভ কৰিছিল৷ ভাৰতৰ মহিলাৰ কাৰণে সর্বোচ্চ অসামৰিক সন্মান নাৰী শক্তি পুৰস্কাৰেৰে বিভূষিতা ড০ বর্মনে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা জীৱ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্রী লাভ কৰে৷ ২০০৭ চনত পি এইচ ডি গৱেষণা আৰম্ভ কৰে যদিও গ্রাম্য অসমত শিক্ষাৰ সজাগতাৰ বাবে চলোৱা অভিযানৰ বাবে এই গৱেষণা ২০১৯ চনতহে সমাপ্ত কৰিবলৈ সক্ষম হয়৷ অসমৰ লগতে বিশ্বত খ্যাত স্বেচ্ছাসেৱী সংগঠন আৰণ্যকৰ আভিবসনা ৰিছার্চ এণ্ড কনজাৰভেচন ডিভিজনৰ জ্যেষ্ঠ বন্যপ্রাণী জীৱ বিজ্ঞানী হিচাপে কর্মৰত ড০ বর্মন ডব্লিউ আই এন এন (অ’মেন ইন নেচাৰ ৱর্ক) ইণ্ডিয়াৰ সঞ্চালক আৰু আই ইউ চি এন ষ্ট’কৰ সদস্য৷ উল্লেখ্য যে পি এইচ ডি গৱেষণাৰ বাবে কামৰূপৰ দদৰা, পছৰীয়া আৰু শিঙিমাৰী অঞ্চলত বিৰল প্রজাতিৰ হাড়গিলা সংৰক্ষণৰ বাবে অঞ্চলটোত মহিলাসকলক একত্রিত কৰি হাড়গিলা আর্মী গঠন কৰিছিল৷ এই হাড়গিলা আর্মীৰ জৰিয়তে উক্ত অঞ্চলত থকা হাড়গিলাক সংৰক্ষণ কৰিবলৈ সক্ষম হোৱাই নহয়, বর্তমান এই হাড়গিলাই অঞ্চলটোত নির্বিঘ্ণে বসতি কৰিবলৈ সক্ষম হৈছে৷ কিয়নো ড০ বর্মনে গৱেষণা চলোৱাৰ পূর্বে অঞ্চলটোত থকা হাড়গিলাৰ বাসস্থান হিচাপে পৰিচিত প্রকাণ্ড প্রকাণ্ড গছবোৰ জধে–মধে কাটি পেলোৱা হৈছে৷ হাড়গিলাৰ অস্তিত্বক লৈ অঞ্চলবাসী ৰাইজক সজাগ কৰাৰ ফলত গছৰ সংখ্যা বর্ধিত নহ’লেও নিম্নগামী হোৱা নাছিল আৰু ইয়ে হাড়গিলাৰ বংশ বৃদ্ধিৰ পৰা প্রজাতিটোৰ স্থিতিক বর্তাই ৰাখিছে৷ ৰাষ্ট্রসংঘৰ ইউ এন ডি পি ভাৰতৰ জৈৱ–বৈচিত্র্য বঁটা, ফিউচাৰ কনভাৰচেনিষ্ট এৱার্ড, বালিপাৰা ফাউণ্ডেচনৰ ‘গ্রীন গুৰু এৱার্ড’, উত্তৰ–পূবৰ পৰা এফ আই আই চি আই এফএল’ অ’মেন এচিভাৰ বঁটাৰে সন্মানিত হৈছে ড০ বর্মন৷

You might also like