নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ প্রদেশত দলিত তৰুণীক ধর্ষণৰ পাছত জীৱন্তে জ্বলালে দুর্বৃত্তই

নিয়মীয়া বাৰ্তা, ২০ ছেপ্টেম্বৰ: মাত্র কেইদিনমান পূর্বে দুগৰাকী দলিত নাবালিকাৰ ধর্ষণ আৰু হত্যাৰ ঘটনাক লৈ উত্তপ্ত হৈছিল উত্তৰপ্রদেশ৷ সেই অস্থিৰ তথা উত্তাল পৰিস্থিতিৰ অন্ত নৌপৰোঁতেই এইবাৰ পুনৰ দলিতক নির্যাতনৰ ঘটনা সংঘটিত হৈছে যোগী আদিত্য নাথৰ ৰাজ্যত৷ এইবাৰ এগৰাকী দলিত নাবালিকাক গণ ধর্ষণৰ পাছত নৃশংসভাৱে জ্বলাই হত্যা কৰাৰ অভিযোগ উঠিছে৷ এই ঘটনাৰ সৈতে জড়িত দুই অভিযুক্তক ইতিমধ্যে আৰক্ষীয়ে গ্রেপ্তাৰো কৰিছে৷ এটাৰ পাছত এটাকৈ দলিত লোকৰ ওপৰত হোৱা নির্যাতনৰ ঘটনাক লৈ অস্বস্তিত পৰিছে উত্তৰপ্রদেশ চৰকাৰ৷

You might also like