নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০২৫ৰ ভিতৰত মহাকাশলৈ পর্যটক প্রেৰণৰ চিন্তা–চর্চা চীনৰ

নিয়মীয়া বাৰ্তা, ২০ ছেপ্টেম্বৰ: আমেৰিকান ধনকুবেৰ জেফ বেজ’ছ বা এলন মাস্কৰ দৰে মহাকাশ পর্যটনৰ দৌৰত অংশগ্রহণ কৰিব বিচাৰিছে চীনে৷ বেইজিং প্রশাসনে আগন্তুক তিনি বছৰৰ ভিতৰত পর্যটকসকলক মহাকাশলৈ নিয়াৰ চিন্তা–চর্চা চলাইছে৷ চীনৰ চৰকাৰী সংবাদ মাধ্যম চিজিটিএনৰ প্রতিবেদন অনুসৰি ২০২৫ চনৰ ভিতৰত কম সময়ৰ বাবে মহাকাশলৈ পর্যটকক প্রেৰণ কৰিব চৰকাৰে৷ বেইজিঙৰ ৰকেট সংস্থা চিএএছ স্পেচৰ এগৰাকী বিজ্ঞানীয়ে ইতিমধ্যে এই পৰিকল্পনাৰ কথা ঘোষণা কৰিছে৷ বিজ্ঞানী য়াং ইকিয়াঙে উল্লেখ কৰিছে যে তিনিধৰণে মহাকাশ যাত্রাৰ কথা চিন্তা–চর্চা কৰা হৈছে৷ অৱশ্যে এই সন্দর্ভত সবিশেষ তথ্য বিজ্ঞানীগৰাকীয়ে সংবাদ মাধ্যমক জনোৱা নাই৷ তথাপি জেফ বেজ’ছৰ ব্লু অৰিজিন নামৰ সংস্থাৰ দৰেই পর্যটকসকলক পৃথিৱীৰ পৰা ১০০ কিলোমিটাৰ উচ্চতাৰ ‘কার্মেন লাইন’ৰ সমীপলৈ লৈ যোৱা হ’ব পাৰে বুলি ইংগিত দিছে বিজ্ঞানীগৰাকীয়ে৷ স্মর্তব্য যে ব্লু অৰিজিনৰ জৰিয়তে মহাকাশ পর্যটনৰ ব্যৱসায়ৰ প্রথম স্থানত আছে আমাজনৰ প্রতিষ্ঠাতা জেফ বেজ’ছ৷

You might also like