নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এই সিদ্ধান্তত ক্ষুব্ধ অনেক, কিন্তু যুদ্ধ জয়ৰ বাবে অনিবাৰ্য

নিয়মীয়া বাৰ্তা, ২৯ মাৰ্চঃ দেওবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আকাশবাণীৰ জৰিয়তে দেশবাসীলৈ প্ৰেৰণ কৰে বাৰ্তা । ক’ৰোনা সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত দেশবাসীয়ে ল’ব লগা সাৱধানতা সম্পৰ্কতো উল্লেখ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

কি ক’লে প্ৰধানমন্ত্ৰীয়ে – 

  • যিসকলক হোম কোৱাৰেণ্টাইনত ৰখা হৈছে , তেওঁলোকক তাচ্ছিল্য কৰা হৈছে । এই খবৰত মই মৰ্মাহত । আবেগিক দূৰত্ব কম কৰি সামাজিক দূৰত্ব বজাই ৰখাৰ বাৰ্তা প্ৰধানমন্ত্ৰীৰ ।
  • আচাৰ্য চড়কে কৈছিল ,  পাৰ্থিৱ বস্তু লাভৰ মোহৰ এৰি যিসকলে ৰোগীৰ সেৱা কৰে তেওঁলোকেই চিকিৎসক । এই প্ৰসংগ উল্লেখ কৰি মন কী বাতত প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজৰ জীৱনকো তুচ্ছ কৰি ক’ৰোনা আক্ৰান্ত সেৱাত ব্যস্ত থকা সকলো চিকিৎসক-নাৰ্ছ আৰু স্বাস্থ্যকৰ্মীক নমস্কাৰ জনালে ।
  • আগ্ৰাৰ অশোক কাপুৰ আৰু তেওঁৰ পৰিয়াল সকলো সদস্য ক’ৰোনাত আক্ৰান্ত হৈছিল । দিল্লীৰ চিকিৎসকে সুস্থ কৰি তোলে এই পৰিয়ালটো । প্ৰধানমন্ত্ৰীৰ সৈতে সেই অভিজ্ঞতা শ্বেয়াৰ কৰিছিল অশোক কাপুৰ । মন কী বাত অনুষ্ঠানতে দিল্লীৰ সেইসকল চিকিৎসকক ধন্যবাদ জনালে প্ৰধানমন্ত্ৰীয়ে ।
  • ঘৰত আৰু বাহিৰত ক’ৰোনাৰ বিৰুদ্ধে যুঁজিছে তেওঁলোক । এই মুহূৰ্তত যুদ্ধক্ষেত্ৰত প্ৰথম শাৰীত থাকি যুঁজ দিছে । চিকিৎসক নাৰ্ছ আৰু অন্যান্য স্বাস্থ্যকৰ্মীলৈ ধন্যবাদ মোডীৰ ।
  • ইচ্ছাকৃত নহ’লেও বৰ্তমানেও অনেকে ভংগ কৰিছে লকডাউন । সেইসকলক সতৰ্ক কৰি প্ৰধানমন্ত্ৰীয়ে কয় এইদৰে ক’ৰোনা প্ৰতিৰোধ কৰা অসম্ভৱ ।
  • ক’ৰোনাৰ বিৰুদ্ধে যুঁজাতো অত্যন্ত কঠিন । ইয়াৰ বাবেই প্ৰয়োজন হৈছে কঠিন পদক্ষেপৰ । দেশবাসীক সুৰক্ষিত ৰখা একমাত্ৰ লক্ষ্য বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে ।
  • এই ধৰণৰ কঠিন পদক্ষেপ কৰাৰ বাবে দুঃখিত । দৰিদ্ৰ সকল অনেক অসুবিধাৰ সন্মুখীন হৈছে । এই সিদ্ধান্তত অনেক লোক ক্ষুব্ধ যদিও যুদ্ধ জয়ৰ বাবে এই সিদ্ধান্ত অনিবাৰ্য আছিল ।
  • লকডাউনে নিজকে নতুনকৈ গঢ়াৰ এক ডাঙৰ সুযোগ দিছে । বাহিৰলৈ ওলাই নগৈ নিজৰ অন্তৰৰ ভিতৰখন চাওক । এই সময়ছোৱাত নিজৰ পুৰণি গান গোৱা, তবলা বজোৱা এইধৰণৰ অভ্যাস সমূহ গঢ়ি তোলক । মন কী বাতত এই উপদেশ প্ৰধানমন্ত্ৰীৰ ।
  • লকডাউনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে যোগৰ লগতে নানা কাম কৰিছে । প্ৰয়োজনত সেইসমূহ ভিডিঅ’ পোষ্ট কৰাৰ কথাও উল্লেখ কৰে নৰেন্দ্ৰ মোডীয়ে ।
You might also like