নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এলএচিৰ গোগৰা, হট স্প্রিং অঞ্চলৰ পৰা ভাৰত–চীনে প্রত্যাহাৰ কৰিছে সেনা

নিয়মীয়া বাৰ্তা, ১০ ছেপ্টেম্বৰ:  পূব লাডাখ সীমান্তৰ গোগৰা–হট স্প্রিং অঞ্চলৰ পৰা সেনা প্রত্যাহাৰৰ কাম আৰম্ভ কৰিছে ভাৰত আৰু চীনে৷ চৰকাৰী সূত্রৰ খবৰ অনুসৰি প্রকৃত নিয়ন্ত্রণ ৰেখাত উত্তেজনা কমোৱাৰ উদ্দেশ্যে ‘মুখামুখি অৱস্থানৰ পৰা সেনা পিছুওৱা’ (ডিছএংগেজমেণ্ট) আৰু ‘সেনা সংখ্যা কমোৱা’ (ডিএছকালেচন)ৰ বিষয় সন্দর্ভত ভাৰতীয় সেনা আৰু চীনৰ পিএলএৰ কামণ্ডাৰ পর্যায়ৰ পৰৱর্তী বৈঠকত বিতর্কিত অঞ্চলসমূহৰ পৰা সেনা প্রত্যাহাৰক লৈ আলোচনা অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে৷

এলএচিৰ সকলো স্পর্শকাতৰ অঞ্চলত এতিয়াও চীনা সেনাৰ অৱস্থান আছে৷ যোৱা ১৭ জুলাইত দুয়োখন দেশৰ সেনা কমাণ্ডাৰ পর্যায়ৰ বৈঠকত গোগৰা–হট স্প্রিং অঞ্চলৰ পৰা সেনা প্রত্যাহাৰৰ সিদ্ধান্ত লোৱা হৈছিল৷ আজি বিদেশ মন্ত্রালয়ৰ মুখপাত্র অৰিন্দম বাগচীয়ে উল্লেখ কৰা অনুসৰি আগন্তুক ১২ ছেপ্ঢেম্বৰৰ ভিতৰত এই অঞ্চলটোৰ পৰা উভয় দেশৰ সেনা প্রত্যাহাৰ পর্বৰ অন্ত পৰিব৷ লক্ষণীয় যে এই পদক্ষেপ গ্রহণ কৰাৰ পিছত সীমান্ত এলেকাত শান্তি অটুট থাকিব বুলি উভয় পক্ষই আশা প্রকাশ কৰিছে৷ সেনা সূত্রৰ খবৰ অনুযায়ী পৰৱর্তী পর্যায়ত ডেমচক আৰু পাংগং হ্রদৰ উত্তৰৰ ফিংগাৰ অঞ্চলত অনুৰূপ পদক্ষেপ গ্রহণ কৰা হ’ব৷ এতিয়ালৈকে দুয়োখন দেশৰ সেনাৰ মাজত ষোড়শ পর্যায়ৰ বৈঠক অনুষ্ঠিত হৈছে৷

You might also like