নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাত আক্ৰান্ত হ’ল দশম শ্ৰেণীৰ এজন ছাত্ৰ, ২৫ ছাত্ৰৰ ওপৰত নজৰ

নিয়মীয়া বাৰ্তা, ২৬ মাৰ্চঃ দক্ষিণ মুম্বাইৰ এছএছচি বৰ্ডৰ পৰীক্ষাত অৱতীৰ্ণ দশম শ্ৰেণীৰ এজন ছাত্ৰৰ শৰীৰত পোৱা গৈছে ক’ৰোনা ভাইৰাছ অৱস্থিতি । যোৱা ২১ মাৰ্চত কস্তুৰবা হাস্পতালত ভৰ্তি হোৱা ছাত্ৰজনে সেইদিনাই বহিছিল পৰীক্ষাত । মুম্বাই মিৰৰ তথ্য অনুসৰি দুদিন পূৰ্বে অৰ্থাৎ ১৯ মাৰ্চ তাৰিখে ছাত্ৰজনৰ পিতৃক হাস্পতালত ভৰ্তি কৰোৱাৰ পাচতেই পোহৰলৈ আহিছিল তেওঁৰ শৰীৰতো ক’ভিড ১৯ ৰ অৱস্থিতি ।

বিএমচি কৰ্তৃপক্ষই জনোৱা অনুসৰি ছাত্ৰজনৰ সৈতে পৰীক্ষাত অৱতীৰ্ণ হোৱা আন ছাত্ৰ-ছাত্ৰী আৰু নিৰীক্ষকক বিচাৰি উলিওৱাৰ বাবে আৰম্ভ কৰিছে অভিযান । মহাৰাষ্ট্ৰ ৰাজ্যিক শিক্ষা পৰিষদৰ সচিবে জনোৱা অনুসৰি ছাত্ৰজনে ইতিহাস বিষয়ৰ পৰীক্ষাত অৱতীৰ্ণ হৈ ঘৰলৈ উভতাৰ পাচতেই ভৰ্তি কৰোৱা হয় চিকিৎসালয়ত । ইফালে, পৰিষদে বিএমচিৰ তৰফৰ পৰা ২৩ মাৰ্চ তাৰিখে লাভ কৰে এই তথ্য ।

উল্লেখ্য যে, নখন চহৰৰ ৩৫৩ গৰাকী ছাত্ৰ-ছাত্ৰী দক্ষিণ মুম্বাইৰ এই পৰীক্ষা কেন্দ্ৰটোত অৱতীৰ্ণ হোৱাৰ লগতে ৯ জন শিক্ষক উপস্থিত আছিল । প্ৰধানত ক’ৰোনা আক্ৰান্ত ছাত্ৰজনৰ সৈতে একেটা শ্ৰেণীকোঠাতে অৱতীৰ্ণ হোৱা মুঠ ২৫ জন ছাত্ৰৰ ওপৰত নজৰ ৰাখিছে স্বাস্থ্য বিভাগে ।

You might also like