নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কভিড-১৯ সন্দৰ্ভত প্ৰতিৰক্ষা মন্ত্ৰীৰ সৈতে শীৰ্ষ বিষয়াৰ বৈঠক

নতুন দিল্লী, ২৬ মাৰ্চঃ পৃথিৱীজুৰি বিয়পি পৰা ভাইৰাছ কভিড-১৯ ক লৈ এতিয়া চিন্তিত হৈ পৰিছে সকলো। ভাইৰাছ প্ৰতিৰোধ কৰাৰ বাবে বৃহস্পতিবাৰে দিল্লীত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ নেতৃত্বত অনুষ্ঠিত হয় এক বৈঠক।
এই বৈঠকত বিভিন্ন মহলৰ শীৰ্ষ বিষয়া সকল উপস্থিত থকাৰ লগতে প্ৰতিৰক্ষাৰ চীফ অফ ডিফেন্স  বিপিন ৰাৱটকে ধৰি নৌ-সেনা আৰু বায়ুসেনাৰ কেইবাগৰাকীও শীৰ্ষ বিষয়া উপস্থিত থাকে ।

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে উল্লেখ কৰা অনুসৰি, এই পৰ্যন্ত এই মাৰাত্মক ভাইৰাছত আক্ৰান্ত হৈ পৰা লোকৰ সংখ্যা ৬৪৫ গৰাকীলৈ বৃদ্ধি পোৱাৰ বিপৰীতে ১৩ জন ব্যক্তি মৃত্যুমুখত পৰিছে । আনহাতে, এই ভাইৰাছৰ সংক্ৰমণ ৰুধিবলৈ কেইবাখনো দেশত লকডাউন ঘোষণা কৰাৰ পিছতেই প্ৰধানমন্ত্ৰী মোডীয়েও ভাৰতত লকডাউন ঘোষণা কৰে ।

 

You might also like