দৰ্শক অবিহনেই হ’ব পাৰে এইবৰ্ষৰ IPL !
নিয়মীয়া বাৰ্তা, ১২ মাৰ্চঃ চীনৰ পৰা বিশ্বৰ বিভিন্ন প্রান্তলৈ বিয়পি পৰা মাৰাত্মক ক’ৰোনা ভাইৰাছে আসন্ন ইণ্ডিয়ান প্রিমিয়াৰ লীগতো আউল লগাইছে ৷ ভাৰতত এই ৰোগত আক্রান্ত লোকৰ সংখ্যা অর্ধশতাধিকলৈ বৃদ্ধি পোৱাৰ পিছত ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ডৰ ঐশ্বর্যশালী ক্রিকেট প্রতিযোগিতা ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ পূৰ্বে ভাৰতীয় খেল মন্ত্ৰণালয়ে জাৰি কৰিলে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত ।
খেল মন্ত্ৰণালয়ে ভাৰতীয় ক্ৰিকেট কণ্ট্ৰ’ল ব’ৰ্ড (BCCI) ৰ লগতে আন সকলো ৰাষ্ট্ৰীয় ক্ৰীড়া সংস্থাক স্পষ্টকৈ প্ৰকাশ কৰিছে যে যদি ক’ৰোনা ভাইৰাছৰ আতংকৰ মাজতে দেশত যিকোনো খেলৰ আয়োজন কৰে, তেন্তে সেয়া ৰূদ্ধদাৰ ষ্টেডিয়ামৰ মাজত অনুষ্ঠিত কৰিব লাগিব ।
চৰকাৰৰ এই সিদ্ধান্তৰ পাছত এটা কথা স্পষ্ট যে যদি বিচিচিআয়ে আইপিএলৰ আয়োজন কৰে, তেন্তে এই গোটেই শৃংখলাটো দৰ্শকৰ অবিহনেই অনুষ্ঠিত কৰিব লাগিব ।