নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনা প্রতিৰোধৰ ক্ষেত্রত নজিৰ সৃষ্টি কৰিছে টাইৱানে

নিয়মীয়া বাৰ্তা ১২ মাৰ্চঃ বিশ্বৰ ৯৫ খনতকৈ অধিক দেশলৈ মাৰাত্মক ক’ৰোনা ভাইৰাছৰ বিস্তাৰ ঘটিছে যদিও টাইৱানে এইক্ষেত্রত বিশ্ববাসীৰ বাবে নিদর্শন দাঙি ধৰিছে৷ চীনৰ সমীপৱর্তী টাইৱানত ক’ৰোনাৰ সংক্রমণে কোনোধৰণৰ বিপর্যয় কঢ়িয়াবলৈ সক্ষম হোৱা নাই৷ মাৰাত্মক ক’ৰোনাৰ বিস্তাৰৰ পূর্বেই সকলো ধৰণৰ সতর্ক ব্যৱস্থা গ্রহণ কৰিছে টাইৱানে৷ গতিকে বিশ্বৰ বিশেষজ্ঞ চিকিৎসকসকলে ক’ৰোনাৰ আতংকত পৰা দেশবোৰক টাইৱানৰ পৰা শিক্ষা ল’বলৈ আহ্বান জনাইছে৷ স্মর্তব্য যে চীনৰ ৱুহানত এই ভাইৰাছবিধৰ সংক্রমণ আৰম্ভ হোৱাৰ লগে লগে টাইৱানে বিদেশী লোকৰ প্রৱেশৰ ক্ষেত্রত বিভিন্ন কঠোৰ ব্যৱস্থা গ্রহণ কৰিছিল৷ বিশেষকৈ ভাইৰাছবিধৰ সংক্রমণ ঘটা অঞ্চলবোৰৰ পৰা টাইৱানলৈ অহা লোকসকলৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছিল চৰকাৰে৷ গতিকে টাইৱানত এই ভাইৰাছবিধৰ দ্বাৰা সংক্রমিত লোকৰ সংখ্যা অন্য দেশৰ তুলনাত যথেষ্ট কম৷ চীনৰ সীমান্তত থাকিলেও টাইৱানত ক’ৰোনা ভাইৰাছৰ দ্বাৰা সংক্রমিত হৈছে মাত্র ৪৮গৰাকী লোক৷ কিন্তু সমীপৱর্তী চীনত ৮০ হাজাৰতকৈ অধিক লোক এই ভাইৰাছবিধৰ দ্বাৰা আক্রান্ত হৈছে৷

You might also like