নিয়মীয়া বাৰ্তা, ১২ মার্চঃ বিভিন্ন সময়ত বিতর্কিত মন্তব্যৰে সংবাদ শিৰোনাম দখল কৰিবলৈ সক্ষম হোৱা বিজেপিৰ পশ্চিমবংগ গোটৰ সভাপতি তথা সাংসদ দিলীপ ঘোষে এইবাৰ ক’ৰোনা ভাইৰাছক লৈ কৰা মন্তব্যই সংবাদ মাধ্যমত খলকনি তুলিছে ৷ সাংসদগৰাকীয়ে উল্লেখ কৰিছে যে প্রকৃতিৰ সৈতে যিসকল লোকে জীৱন–যাপন কৰিছে তেওঁলোক কেতিয়াও ক’ৰোনা ভাইৰাছত আক্রান্ত নহয় ৷ অর্থাৎ প্রকৃতিৰ পৰা আঁতৰি থকা লোকসকলহে ক’ৰোনাৰ দ্বাৰা সংক্রমিত হোৱা বুলি মন্তব্য কৰিছে নেতাগৰাকীয়ে ৷ ক’ৰোনাৰ পৰা পৰিত্রাণ পাবলৈ হ’লে মানুহে দুঘণ্টা সূর্যৰ প্রখৰ ৰ’দত কাপোৰ শুকাব লাগে বুলিও মন্তব্য কৰে ঘোষে ৷ এনে কৰিলে ক’ৰোনা ভাইৰাছৰ মৃত্যু হয় বুলি উল্লেখ কৰিছে নেতাগৰাকীয়ে ৷ স্মর্তব্য যে ইয়াৰ পূর্বে দিলীপ ঘোষে গৰুৰ গাখীৰত সোণ থাকে বুলি মন্তব্য কৰি দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছিল ৷ অৱশ্যে পৰৱর্তী সময়ত এই বক্তব্য সন্দর্ভত স্পষ্টীকৰণ দিবলগীয়া হৈছিল নেতাগৰাকীয়ে ৷