নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গণধর্ষণৰ বলি তৰুণী ঘৰলৈ উভতিল বিবস্ত্রা ৰূপত

নিয়মীয়া বাৰ্তা, ২৩ ছেপ্টেম্বৰ : পুনৰ দেশক লজ্জানত কৰা গণধর্ষণৰ ঘটনা সংঘটিত হৈছে বিজেপিশাসিত উত্তৰ প্রদেশত৷ ১৫ বছৰীয়া এগৰাকী নাবালিকাক অপহৰণ কৰি গণধর্ষণৰ পাছত নাবালিকাগৰাকীৰ পোছাক কাঢ়ি নিয়ে অভিযুক্তই৷ বাধ্য হৈ বিবস্ত্র অৱস্থাৰে ২ কিলোমিটাৰ পথ খোজকাঢ়ি ঘৰলৈ উভতিব লগা হৈছে এই তৰুণী৷ এই ঘটনা সন্দর্ভত তৰুণীৰ পৰিয়ালে আৰক্ষীৰ ওচৰত ৫ দুর্বৃত্তৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে৷ কিন্তু বাতৰি যুগুতোৱাৰ পৰলৈ কোনো অভিযুক্তক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী৷

সংবাদ সংস্থা সূত্রই সদৰী কৰা অনুসৰি, উত্তৰ প্রদেশৰ মোৰাদাবাদত ঘটিছে এই চাঞ্চল্যকৰ ঘটনা৷ দুসপ্তাহ পূর্বে অপহৰণ আৰু গণধর্ষণৰ ঘটনা সংঘটিত হ’লেও শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত বিবস্ত্র তৰুণীগৰাকী ঘৰলৈ ওভতাৰ ভিডি’ ভাইৰেল হৈছে৷ বন্ধুৰ সৈতে স্থানীয় এখন মেলালৈ গৈছিল তৰুণীগৰাকী৷ তেতিয়াই দুখন মটৰচাইকেলত অহা দুর্বৃত্তই নিশা ৮ বজাত তৰুণীগৰাকীক অপহৰণ কৰি বলাৎকাৰ চলাইছিল৷

You might also like